গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গ্লাচগোত আৰম্ভ "কমনৱেলথ গেমছ-২০২৬ "।১২৬ গৰাকী ভাৰতীয় খেলুৱৈৰ অংশগ্ৰহণ।
ছেমিত পোনপটীয়াকৈ প্ৰৱেশেৰে লাভলীনাৰ পদক নিশ্চিত।প্ৰথমদিনাই পুতুল সোণোৱালৰ হাতত পৰাস্ত লনবলৰ বিশ্ব আউটডৰ চেম্পিয়ন ৰিয়ান বেষ্টাৰ।উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বাহক লাভলীনা-মীৰাবাঈ চানু।
বৃহস্পতিবাৰৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত আৰম্ভ হ'ল বহু প্ৰতিক্ষিত "কমনৱেলথ গেমছ ২০২৬
।মুঠ ৭৪ খন কমনৱেলথ ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে মুঠ ১২৬ গৰাকী খেলুৱৈৰ দলে।
ভাললগা কথাটো হ'ল এইবাৰৰ "কমনৱেলথ গেমছ"ত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে ৪ গৰাকী অসম সন্তানে ।
তেওঁলোক হ'ল -অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই,লনবল খেলুৱৈ অৰ্জুন নয়নমণি শইকীয়া,আন্তঃৰাষ্ট্ৰীয় লনবল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাস।
উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই "কমনৱেলথ গেমছ ২০২৬" ত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে অসমকন্যা লাভলীনা বৰগোঁহাই-এ।
মহিলাৰ ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰত বাই লাভেৰে পোনপটীয়াকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই-এ।অহা ৩১ জুলাইত ছেমিত তুভালুৰ বক্সাৰ তাফাকিৰ বিৰুদ্ধে ৰিঙত নামিব বজ্ৰকন্যা লাভলীনা।ইফালে,বৃহস্পতিবাৰে "কমনৱেলথ গেমছ ২০২৬" ৰ প্ৰথম দিনটোতে ভাৰতৰ হৈ জয়েৰে অভিযান আৰম্ভ কৰিলে তাৰকা লনবল খেলুৱৈ পুতুল সোণোৱালে।
পুৰুষৰ একক শাখাত অসম সন্তান পুতুলৰ হাতত পৰাস্ত হয় বৰ্তমানৰ বিশ্ব আউটডৰ চেম্পিয়ন ৰিয়ান বেষ্টাৰ।
প্ৰথম ৰাউণ্ডত ট্ৰাইবেকাৰৰ জৰিয়তে কানাডাৰ বেষ্টাৰক পৰাস্ত কৰি পুতুল সোণোৱালে দিলে চমক।
আনহাতে মহিলাৰ একক শাখাত ভাৰতৰ হৈ প্ৰতিযোগিতাত নামিব অসমৰ লনবল খেলুৱৈ অৰ্জুন নয়নমণি শইকীয়া।
তদুপৰি,ইতিহাস ৰচনা কৰি "কমনৱেলথ গেমছ"লৈ নিৰ্বাচিত হৈছে প্ৰথমগৰাকী অসমৰ পেৰা এথলীট লিছা দাস।
তেওঁ "পেৰা চাইক্লিং" ইভেন্টত "কমনৱেলথ গেমছ"ৰ ক্ৰীড়াঙ্গনত নামিব ।
বৃহস্পতিবাৰে নিশা গ্লাছগোৰ "অ'ভিঅ' হাইড্ৰ"ত অনুষ্ঠিত হয় "২৩ সংখ্যক কমনৱেলথ গেমছ-২০২৬" ৰ আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠান।
উদ্বোধনী অনুষ্ঠানত পতাকাবাহক ৰূপে ভাৰতীয় দলটোক নেতৃত্ব দিলে অলিম্পিক পদকজয়ী মিৰাবাঈ চানু আৰু অসমকন্যা লাভলীনা বৰগোঁহাই-এ।২০১৪ চনৰ স্মৰণীয় সংস্কৰণৰ পাছত ১২ বছৰৰ ভিতৰত দ্বিতীয়বাৰলৈ গ্লাছগোলৈ উভতি আহিছে "কমনৱেলথ গেমছ"।
ৰাণী কেমিলা ,ব্ৰিটিছ প্ৰধানমন্ত্রী এণ্ডি বাৰ্নহাম আৰু কমনৱেলথ ক্ৰীড়াৰ সভাপতি ড'নাল্ড ৰুকাৰেৰ উপস্থিতিত ৰজা চালৰ্ছ তৃতীয়ই আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰিলে "কমনৱেলথ গেমছ-২০২৬"।সংগীত ,নৃত্যৰ ,পোহৰৰ মায়াজালত জীপাল হৈ পৰিলে "অ'ভিঅ' হাইড্ৰ' "।
পোন প্ৰথমবাৰৰ বাবে "কমনৱেলথ গেমছ"ৰ উদ্বোধনী অনুষ্ঠান এনেদৰে ইনডৰ এৰিনাত আয়োজন কৰা হয়।
উল্লেখ্য যে,ভাৰতে এইবাৰ মুঠ ১৩ টা ইভেন্টত কমনৱেলথ গেমছত প্ৰতিনিধিত্ব কৰিছে।ইয়াৰ ভিতৰত ৫ টা পেৰা স্পৰ্টছ ইভেন্ট।২০২২ ৰ "বাৰ্মিহাম কমনৱেলথ গেমছ"ত ২২ টা সোণ,১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জসহ মুঠ ৬১ টা পদক লাভ কৰিছিল ভাৰতীয় দলে।ক্ৰীড়া অনুৰাগীৰ আশা,২০২৬ ৰ "গ্লাছগোৰ কমনৱেলথ গেমছ"ত দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতে অৰ্জন কৰক অভিলেখ সংখ্যক পদক।


0 Comments