উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই “কমনৱেলথ গেমছ-২০২৬” ত ভাৰতৰ প্ৰথমটো পদক,ছেমিত পোনপটীয়াকৈ প্ৰৱেশেৰে তাৰকা বক্সাৰ লাভলীনাৰ পদক নিশ্চিত

July 24, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বৃহস্পতিবাৰৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছে কমনৱেলথ গেমছ-২০২৬ । এইবাৰৰ প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াইছে বক্সাৰ লাভলীনা বৰগোঁহাই ,লনবল খেলুৱৈ নয়নমণি শইকীয়া,পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাস। বৃহস্পতিবাৰৰ
উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই "কমনৱেলথ গেমছ ২০২৬" ত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে অসমকন্যা লাভলীনা বৰগোঁহাই-এ।
মহিলাৰ ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰত বাই লাভেৰে পোনপটীয়াকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই-এ।অহা ৩১ জুলাইত ছেমিত তুভালুৰ বক্সাৰ তাফাকিৰ বিৰুদ্ধে ৰিঙত নামিব বজ্ৰকন্যা লাভলীনা।

ইফালে,বৃহস্পতিবাৰে "কমনৱেলথ গেমছ ২০২৬" ৰ প্ৰথম দিনটোতে ভাৰতৰ হৈ জয়েৰে অভিযান আৰম্ভ কৰিলে তাৰকা লনবল খেলুৱৈ পুতুল সোণোৱালে। একক শাখাত অসম সন্তান পুতুলৰ হাতত পৰাস্ত হয় বৰ্তমানৰ বিশ্ব আউটডৰ চেম্পিয়ন ৰিয়ান বেষ্টাৰ।
প্ৰথম ৰাউণ্ডত ট্ৰাইবেকাৰৰ জৰিয়তে কানাডাৰ বেষ্টাৰক পৰাস্ত কৰি পুতুল সোণোৱালে দিলে চমক।

আনহাতে মহিলাৰ একক শাখাত ভাৰতৰ হৈ প্ৰতিযোগিতাত নামিব অসমৰ লনবল খেলুৱৈ অৰ্জুন নয়নমণি শইকীয়া।
তদুপৰি,ইতিহাস ৰচনা কৰি "কমনৱেলথ গেমছ"লৈ নিৰ্বাচিত হৈছে প্ৰথমগৰাকী অসমৰ পেৰা এথলীট লিছা দাস।
তেওঁ "পেৰা চাইক্লিং" ইভেন্টত "কমনৱেলথ গেমছ"ৰ ক্ৰীড়াঙ্গনত নামিব ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *