কলকাতা ডাৰ্বিৰে শনিবাৰৰ পৰা ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ আৰম্ভণি

July 24, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ প্ৰতিযোগিতা"খন শনিবাৰৰ পৰা আৰম্ভ হ’ব৷ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত আবেলি ৫ বজাত অনুষ্ঠিত হ’বলগা উদ্বোধনী মেচত ১৭ বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্ট দলে ১৬ বাৰৰ চেম্পিয়ন ইষ্ট বেংগলৰ বিৰুদ্ধে কলকাতা ডাৰ্বিত অংশ ল’ব৷

ভাৰতীয় ফুটবলৰ ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনত মোহন বাগান আৰু ইষ্ট বেংগলৰ দৰে দুটা ঐতিহ্য বহনকাৰী ক্লাবৰ ৰোমাঞ্চকৰ মুখামুখিয়ে স্বাভাৱিকতে ফুটবলপ্ৰেমীৰ মাজত ডুৰাণ্ড কাপৰ চৰ্চা আৰু উত্তেজনাক চৰম সীমালৈ নিছে৷ দুয়োটা দল এই প্ৰতিযোগিতাত পূৰ্বে ২০ বাৰ মুখামুখি হৈছে৷ ইষ্ট বেংগল সফলতাৰ পৰিসংখ্যাত আগবাঢ়ি আছে যদিও অন্তিমবাৰ যেতিয়া খিতাপৰ যুঁজত উভয় দল মুখামুখি হৈছিল, তেতিয়া মোহন বাগানে অভিলেখ গঢ়ি সৰ্বাধিক চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল৷

ইষ্ট বেংগল দলত এইবাৰ মুখ্য প্ৰশিক্ষকৰূপে যোগ দিছে এণ্টনিঅ’ লোপেজ হাবাছে৷ আই এছ এলৰ ডিফেণ্ডিং চেম্পিয়ন দলটোৰ মিডফিল্ডাৰ জেকছন সিঙে উদ্বোধনী মেচৰ পূৰ্বে প্ৰশিক্ষক হাবাছ তথা দলৰ প্ৰস্তুতিক লৈ কয়, ‘আমি পৰিয়াল হিচাপে একত্ৰিত হৈছো৷ মই সঁচাকৈয়ে এই নতুন ছিজনৰ বাবে আগ্ৰহী৷ যোৱা ছিজনত আমি লক্ষ্যত উপণিত হৈছিলো৷ একেটা লক্ষ্য অধিক দৃঢ়তাৰে লাভ কৰিবলৈ দল আশাবাদী৷ হাবাছৰ অধীনত খেলাটো মোৰ বাবে আনন্দৰ কথা৷ ইষ্ট বেংগল মোৰ প্ৰিয় দল৷’

ইফালে, মোহন বাগান ছুপাৰ জায়েণ্টৰ গ্ৰীক প্ৰশিক্ষক পানাজিঅ’টিছ ডিলম্পেৰিছে কয় যে, ‘ইষ্ট বেংগলৰ বিৰুদ্ধে ডাৰ্বি মেচৰে ছিজনৰ আৰম্ভণি কৰাটো এনেকুৱা এটা ৰোমাঞ্চকৰ ঘটনা যিয়ে মোক উত্তেজিত হোৱাটো অনুভৱ কৰায়৷ কাৰণ এইটোৱেই হৈছে ফুটবলৰ অস্তিত্ব৷ অনুৰাগীৰ সমৰ্থন, দলৰ আস্থা, ইতিহাস আৰু বিশাল আশাৰ সৈতে মোহন বাগানৰ দৰে ক্লাবত যোগদান কৰাটোৱে মোৰ বাবে উদ্বেগ নহয় বৰঞ্চ ডাঙৰ প্ৰেৰণা৷’

উল্লেখ্য যে এইবাৰ প্ৰতিযোগিতাত মুঠ ২৪ টা দলে অংশ লৈছে৷ দল কেইটাক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ কলকাতাৰ লগতে উত্তৰ-পূৱৰ অসম, মণিপুৰ আৰু মেঘালয়তো ডুৰাণ্ড কাপৰ খেল অনুষ্ঠিত হ’ব৷ আনহাতে, প্ৰথমবাৰৰ বাবে ঝাৰখণ্ডতো ডুৰাণ্ড কাপ হ’ব৷ প্ৰতিযোগিতাখনৰ গ্ৰুপ ‘এফ’ৰ খেল অহা পহিলা আগষ্টৰ পৰা অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াত অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ হোৱাৰ লগতে ছনী এল আই ভি এপছতো খেল দৰ্শকে উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *