দেউকন সোঁৱৰণী ৰাজ্যিক স্কুল ফুটবল আৰম্ভ,উদ্বোধনী খেলত জয়ী মৰিগাঁৱৰ বাংফাৰ বেলগুৰি হাইস্কুল

July 24, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

প্ৰতিশ্ৰুতি সম্পন্ন ফৰৱাৰ্ড চানু কাথাৰৰ দুগল'ৰ সহায়ত মৰিগাঁৱৰ বাংফাৰ বেলগুৰি হাইস্কুলে দেউকন সোঁৱৰণী ১৭ বছৰ অনুৰ্ধৰ ল’ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতা ২০২৬ৰ উদ্বোধনী খেলত বিশ্বনাথৰ মিজিকা হাইস্কুলৰ বিৰুদ্ধে ২-০ গ'লত জয়ী হৈছে । অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত শুক্ৰবাৰে মৰিগাঁৱত আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ মানিপুৰ মিনি ষ্টেডিয়ামত ষ্টেডিয়ামৰ অনুষ্ঠিত খেলখনত বিজয়ী বাংফাৰ বেলগুৰি হাইস্কুলৰ হৈ চানু কাথাৰে ৬ মিনিটতে প্ৰতিপক্ষৰ গ'লবক্সত আঘাত হানি নিজ দলক ১-০ গ'লৰ অগ্ৰগতি প্ৰদান কৰে।প্ৰত্যাক্ৰমণ জোৰদাৰ কৰিও বিৰতিলৈ সমতা স্থাপনত ব্যৰ্থ হোৱা মিজিকা হাইস্কুলে দ্বিতীয়াৰ্ধত দ্বিতীয়টো গ'ল খাই পৰাজয় মূৰ পাতি লয়। খেলৰ ৫৬ মিনিটত সেই গ'লটোও কাৰ্যকৰী কৰে আয়োজক মৰিগাঁৱৰ চানু কাথাৰে (২-০) ৷

ৰাজ্যৰ ৩৫ খন জিলাৰ শ্ৰেষ্ঠ দলেসমূহে অংশ গ্ৰহণ কৰা ৰাজ্যিক জুনিয়ৰ প্ৰতিযোগিতাখনত শুক্ৰবাৰে অনুষ্ঠিত নকআউট পৰ্যায়ৰ মুঠ ১০ খন খেলৰ বিজয়ী দলে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই প্ৰতিযোগিতাৰ চেম্পিয়ন স্কুল দলটোৱে নতুন দিল্লীত অনুষ্ঠিত হ’বলগা ঐতিহাসিক "সুব্ৰত কাপ" ফুটবলৰ ল’ৰাৰ ১৭ বছৰ অনুৰ্ধৰ আন্তৰ্জাতিক প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব ৷

ইফালে, শুক্ৰবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন আন্তৰ্জাতিক খেলুৱৈ নৱ কান্ত ডেকা,প্ৰাক্তন এথলীট ভূপেন বৰদলৈ,মৰিগাঁও ক্ৰীড়া সন্থাৰ উপ-সভাপতি মুনীন্দ্ৰ ডেকা,নিপুণ বৰা,কোষাধ্যক্ষ মুকুল হাজৰিকা, প্ৰাক্তন ফুটবল খেলুৱৈ সুখৰাম বৰদলৈ উপস্থিত থাকে। অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় মৰিগাঁৱৰ জিলা ক্ৰীড়া বিষয়া চন্দন তালুকদাৰে ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *