“কমনৱেলথ গেমছ-২০২৬ ত অপ্ৰতিৰোধ্য অসমৰ লনবল খেলুৱৈ ,প্ৰথমদিনাই পুতুল সোণোৱালৰ হাতত পৰাস্ত লনবলৰ বিশ্ব আউটডৰ চেম্পিয়ন ৰিয়ান বেষ্টাৰ

July 24, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বৃহস্পতিবাৰৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত আৰম্ভ হ'ল বহু প্ৰতিক্ষিত "কমনৱেলথ গেমছ ২০২৬
।মুঠ ৭৪ খন কমনৱেলথ ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে মুঠ ১২৬ গৰাকী খেলুৱৈৰ দলে।
ভাললগা কথাটো হ'ল এইবাৰৰ "কমনৱেলথ গেমছ"ত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে ৪ গৰাকী অসম সন্তানে ।
তেওঁলোক হ'ল -অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই,লনবল খেলুৱৈ অৰ্জুন নয়নমণি শইকীয়া,আন্তঃৰাষ্ট্ৰীয় লনবল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাস।

বৃহস্পতিবাৰে "কমনৱেলথ গেমছ ২০২৬" ৰ প্ৰথম দিনটোতে ভাৰতৰ হৈ জয়েৰে অভিযান আৰম্ভ কৰিলে তাৰকা লনবল খেলুৱৈ পুতুল সোণোৱালে।পুৰুষৰ একক শাখাত অসম সন্তান পুতুলৰ হাতত পৰাস্ত হয় বৰ্তমানৰ বিশ্ব আউটডৰ চেম্পিয়ন ৰিয়ান বেষ্টাৰ।
প্ৰথম ৰাউণ্ডত ট্ৰাইবেকাৰৰ জৰিয়তে কানাডাৰ বেষ্টাৰক পৰাস্ত কৰি পুতুল সোণোৱালে দিলে চমক।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *