গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"কমনৱেলথ গেমছ-২০২৬"ত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ অসম সন্তান পুতুল সোণোৱালৰ । লনবলত একেৰাহে প্ৰতিযোগিতাৰ দ্বিতীয়দিনাও টাই ব্ৰেকত পুতুল সোণোৱালে লাভ কৰিলে ৰোমাঞ্চকৰ জয়।ফকলেণ্ড দ্বীপপুঞ্জৰ চেচিল আলেকজেণ্ডাৰৰ বিৰুদ্ধে ৭-৫,৬-৮ ,১-০(ট্ৰাই বেক)ৰ ব্যৱধানত এই সাফল্য অৰ্জন পুতুলৰ ।
উল্লেখ্য যে, " কমনৱেলথ গেমছ -২০২৬" ৰ প্ৰথম দিনটোতে বৃহস্পতিবাৰে জয়েৰে অভিযান আৰম্ভ কৰিছিল লনবল খেলুৱৈ পুতুল সোণোৱালে । পুৰুষৰ একক শাখাত অসম সন্তান পুতুলৰ হাতত পৰাস্ত হৈছিল বৰ্তমানৰ বিশ্ব আউটড'ৰ চেম্পিয়ন ৰিয়ান বেষ্টাৰ । প্ৰথম ৰাউণ্ডত ট্ৰাইবেকাৰৰ জৰিয়তে কানাডাৰ বেষ্টাৰক পৰাস্ত কৰি পুতুলে দিলে চমক।তৃতীয়দিনাৰ মেচত শনিবাৰে আবেলি ৩ বজাত অৱৰ্তীণ হ'ব খেলুৱৈ গৰাকী।


0 Comments