গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ" প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত হোৱা উদ্বোধনী মেচত মোহন বাগান ছুপাৰ জায়েণ্ট দলে ১-০ গলত ইষ্ট বেংগল এফ চিক পৰাস্ত কৰি নতুন ছিজনৰ প্ৰত্যাশিত আৰম্ভণি কৰিছে৷ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ কলকাতা ডাৰ্বি মেচখনত মোহন বাগানৰ হৈ খেলৰ ৫৩ মিনিট গলটো দিয়ে মিডফিল্ডাৰ ছাহাল আব্দুল ছামাদে৷
খেলৰ প্ৰথমাৰ্ধত মোহন বাগানে বল নিয়ন্ত্ৰণৰ লগতে সম্পূৰ্ণ ৪৫ মিনিট বিপক্ষক আক্ৰমণ কৰি চাপত ৰাখে৷ অৱশ্যে দলে গল কৰাত ব্যথিত হয়৷ দলৰ ষ্টাইকাৰ কিয়ান নাছিৰি গিৰিৰ লগতে ছাহালে ইষ্ট বেংগলৰ গলপষ্টলৈ কেবাটাও শ্বট মাৰিছিল যদিও বিপক্ষৰ গলৰক্ষক গিলে কোনো ভুল কৰা নাছিল৷ কিন্তু দ্বিতীয়াৰ্ধত মনবীৰৰ পৰা বল লাভ কৰি দৰ্শনীয়া গল দি ছাহালে দলক অগ্ৰগতি দিয়ে৷
ইফালে, আই এছ এলৰ ডিফেণ্ডিং চেম্পিয়ন ইষ্ট বেংগলে আক্ৰমণৰ পৰিবৰ্তে প্ৰথমাৰ্ধত বুজাবুজিৰে অধিক সামধানে খেলে৷ বিপক্ষৰ দহটা শ্বটৰ বিপৰীতে দলে মাত্ৰ দুটাহে শ্বট লয়৷ দ্বিতীয়াৰ্ধত এগলত পিছ পৰাৰ পাছতে ইষ্ট বেংগলে সংঘবদ্ধ আক্ৰমণ কৰিবলৈ লয়৷ কিন্তু মোহন বাগানৰ ৰক্ষণপন্থীৰ সতৰ্কতাই ইষ্ট বেংগলক বিমুখ কৰে৷ মোহন বাগানৰ গলৰক্ষক বিশাল কেইথৰ অভেদ্য দুৰ্গ ৰক্ষা ইষ্ট বেংগলৰ ব্যৰ্থতাৰ মুল কাৰণ হয়৷
ইষ্ট বেংগল এফ চিয়ে লীগৰ পৰবৰ্তী মেচখন চি আই এছ এফ প্ৰ’টেকটৰ্ছৰ বিৰুদ্ধে খেলিব৷ অহা ৩১ জুলাইত এই মেচখন কিশোৰ ভাৰতী ক্ৰীড়াংগনত নিশা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ ইফালে, মোহন বাগান ছুপাৰ জায়েণ্ট দলে অহা ৪ আগষ্টত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনতে পৰবৰ্তী মেচত ছাউথ ইউনাইটেড এফ চিৰ মুখামুখি হ’ব৷ নিশা সাত বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ’ব৷
প্ৰতিযোগিতাৰ দেওবাৰে দুখনকৈ মেচ অনুষ্ঠিত হ’ব৷ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত নিশা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলা গ্ৰুপ ‘বি’ৰ প্ৰথম খেলত ভাৰতীয় সেনাৰ ফুটবল দলে সমলেশ্বৰী স্পৰ্টিং দলৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে ওড়িছাৰ আই লীগৰ এই দলটোৱে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ খেলি বৃহৎ মঞ্চত অভিষেক কৰিব৷
ইয়াৰপূৰ্বে আবেলি ৫ বজাত ৰাঁচিত হ’বলগা দিনটোৰ প্ৰথম মেচত আই এছ এলৰ দল জামছেদপুৰ এফ চিয়ে শ্ৰীলংকাৰ ডিফেণ্ডাৰ্ছ এফ চিৰ বিৰুদ্ধে খেলি ছিজনৰ আৰম্ভণি কৰিব৷ গ্ৰুপ ‘চি’ৰ এই মেচখন বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ খেল এইবাৰ ঝাৰখণ্ডত অনুষ্ঠিত হ’ব৷
ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷


0 Comments