দেউকন সোঁৱৰণী ৰাজ্যিক স্কুল ফুটবল,দেওবাৰে বিয়লি ৩ বজাত ফাইনেল

July 25, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

দেউকন সোঁৱৰণী ল'ৰাৰ ১৭ বছৰ অনুৰ্ধ ৰাজ্যিক ভিত্তিক আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাত কামৰূপ জিলাই ওদালগুৰিৰ বিৰুদ্ধে আৰু চৰাইদেউ জিলাই কাৰ্বিআংলঙৰ বিৰুদ্ধে ছেমি ফাইনেলত উপনীত হৈছে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে মৰিগাওঁ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ আতিথ্যত আয়োজন কৰা প্ৰতিযোগিতাখনৰ দুয়োখন ছেমিফাইনেল খেল দেওবাৰে পুৱা ৭ বজাত ক্ৰমে দলবাৰী খেলপথাৰ আৰু মৰিগাঁৱও উঃমাঃ আৰু এম পি স্কুল খেলপথাৰত অনুষ্ঠিত হ'ব। আনহাতে বিয়লি ৩ বজাত প্ৰতিযোগিতাৰ ফাইনেল খেলখন হ'ব মাণিপুৰ মিনি ষ্টেডিয়ামত।ৰাজ্যিক ভিত্তিক প্ৰতিযোগিতাখনৰ শনিবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলত চৰাইদেউয়ে কোকৰাঝাৰক ১-০ গ'লত, কামৰূপ জিলাই বৰপেটাক ৩-০ গ'লত, কাৰ্বিআংলঙে শোণিতপুৰক ৭-০ আৰু ওদালগুৰিয়ে যোৰহাট জিলাক ৪-২ গ'লত পৰাভূত কৰে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *