দেউকন স্মৃতি ১৭ বছৰ অনূৰ্ধ ৰাজ্যিক স্কুল ফুটবল,চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী উঃমা বিদ্যালয় চেম্পিয়ন,ৰাণাৰ্ছ আপ কামৰূপৰ উপৰদানী হাইস্কুল

July 26, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অতিৰিক্ত সময়ত ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত টেগ বাহাদুৰ চেত্ৰীয়ে দিয়া বিজয়সূচক গ'লটোৰ জৰিয়তে চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী উঃমাঃ বিদ্যালয়ে দেউকন সোঁৱৰণী ল'ৰাৰ ১৭ বছৰ অনুৰ্ধ ৰাজ্যিক ভিত্তিক আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতা ২০২৬ৰ চেম্পিয়ন ট্ৰফী অৰ্জন কৰিছে। মৰিগাঁৱৰ মাণিপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিদ্বন্দিতাৰে পৰিপূৰ্ণ ফাইনেলত দেওবাৰে চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী উঃমাঃ বিদ্যালয়ে ফাইনেলৰ প্ৰতিপক্ষ কামৰূপৰ উপৰদানী হাইস্কুলক একমাত্ৰ গ'লত(১-০) গ'লত পৰাভূত কৰে ।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে মৰিগাওঁ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ আতিথ্যত আয়োজন কৰা প্ৰতিযোগিতাখনৰ দেওবাৰে বিয়লি অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ ফাইনেল খেলখন নিৰ্ধাৰিত সময়লৈ গ'লশূণ্যভাবে ড্ৰ হৈ ৰয় ।পৰৱৰ্তী অতিৰিক্ত সময়ৰ খেলত অধিক আক্ৰমনাত্মক ৰূপ লোৱা বামপথাৰ বেঙেনাবাৰী উঃমাঃ বিদ্যালয়ৰ হৈ বিজয়সূচক গ'লটো দিয়ে কুশলী ফৰৱাৰ্ড টেগ বাহাদুৰে(১-০)। খেলৰ ৬৪ মিনিটত তেওঁ সেই গ'লটো দিয়ে ৰাইট উইঙৰ পৰা লোৱা এক দৰ্শনীয় হেডিঙৰ জৰিয়তে। তেনেদৰেই বামপথাৰ বেঙেনাবাৰী উঃমাঃ বিদ্যালয়ে আগন্তুক সুব্ৰত কাপলৈয়ো পাৰপত্ৰ অৰ্জন কৰে ৷

ঐতিহাসিক সুব্ৰত কাপৰ ল’ৰাৰ ১৭ বছৰ অনুৰ্ধৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখন নতুন দিল্লীত অহা ছেপ্টেম্বৰত হ’ব । ইয়াৰ আগেয়ে পুৱা ৭ বজাৰ ছেমিফাইনেলত চৰাইদেউয়ে কাৰ্বিআংলঙক ২-০ আৰু কামৰূপ জিলাই ওদালগুৰিক ২-০ গ'লত পৰাভূত কৰি ফাইনেলত প্ৰবেশ কৰিছিল।চূড়ান্ত খেলখন পৰিচালনা কৰে লম্বিত দত্তই।সহকাৰী ৰেফাৰী ৰঞ্জিত গগৈ, স্বপ্ন বাগলাৰী আৰু গীতালী মৰাণ।

আনহাতে দেওবাৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰে মৰিগাঁও পৌৰসভা অধ্যক্ষ যোগেশ তামুলী,প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ সতীশ দাস, ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ,উত্তম চেত্ৰী, মৰিগাঁও ক্ৰীড়া সন্থাৰ বেডমিণ্টন সম্পাদক মুখটাৰ হুছেইন আদিয়ে। বিজয়ী দলৰ সদস্য সকল ক্ৰমে -কৌস্তভ সোনোৱাল(গ'ৰক্ষক),তপন বড়ো(অধিনায়),কেশৱ চুতীয়া,বিধান বসুমতাৰী,প্ৰতীম হাজৰিকা,ৰঞ্জিত বড়ো,অপৰ্নজিৎ মৰান,দিবাকৰ সূত্ৰধৰ,মুনটাই ব্ৰহ্ম,নৱজিৎ দাস,কোৰোন ৰাভা,ৰিহান আলি,নিবাৰণ শইকীয়া,অংশুমান সন্দিকৈ,টেগ বাহাদুৰ লিম্বু আৰু বাস্তব বাঢ়ৈ । প্ৰশিক্ষক অংকুৰ দাস,মেনেজাৰ দুলাল বৰ্মন,অফিচিয়েল বিপুল গগৈ আৰু ফিজিঅ দায়িত্ব পালন কৰে মনোজ শইকীয়াই ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *