গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছ কমনৱেলথ গেমছ-২০২৬ । দেওবাৰে ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ ।
মহিলাৰ ৪৮ কেজি শাখাত অলিম্পিক পদকজয়ী ভাৰোত্তোলক মিৰাবাঈ চানুৱে দখল কৰে সোণৰ পদক । ইয়াৰ লগে লগে একেৰাহে তিনিখন "কমনৱেলথ গেমছ"ত সোণজয়ী প্ৰথমগৰাকী মহিলা ৰূপে পৰিগণিত মিৰাবাঈ চানু। ২০১৮,২০২২ ,২০২৬ ৰ "কমনৱেলথ গেমছ"ত সোণজয়েৰে অৰ্জন কৰে সোণজয়ৰ হেটট্ৰিক। তদুপৰি চলিত প্ৰতিযোগিতাখনত মহিলাৰ ৪৮ কেজি শাখাত স্নেচত ৮৫ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১০৫ কেজি উত্তোলন কৰি দুটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় মিৰাবাঈ চানু ।
উল্লেখ্য যে,দেওবাৰৰ দিনটোত ভাৰতে ভাৰোত্তোলনৰ জৰিয়তে লাভ কৰে এটা ৰূপৰ পদক । পুৰুষৰ ৬০ কেজি শাখাত ঋষিকান্ত সিঙে আজুৰি আনিলে ৰূপৰ পদক ।তেওঁ স্নেচত ১২১ কেজি উত্তোলনেৰে পুৰুষৰ ৬০ কেজি শাখাত গঢ়িলে নতুন গেমছ ৰেকৰ্ড
।দেওবাৰৰ ২ টা পদকৰ সহিতে "কমনৱেলথ গেমছ ২০২৬" ত ভাৰতৰ পদকৰ সংখ্যা ৩ টালৈ বৃদ্ধি পালে ।


0 Comments