“মাউন্ট এভাৰেষ্ট” জয়ী প্ৰথম গৰাকী অসমৰ মহিলা ৰূপামণি গড়লৈ ১০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ অসম চৰকাৰৰ

July 26, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত "মাউণ্ট এভাৰেষ্ট" আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক সম্বৰ্ধনা জনালে অসম চৰকাৰে । লগতে এই অনুষ্ঠানতে সম্বৰ্ধনা জনালে এই ঐতিহাসিক অভিযানৰ সফল নেতৃত্ব বহন কৰা আই টি বি পিৰ সহকাৰী কমাণ্ডেন্ট ভনীতা তিমুংপীক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী পৰ্বতাৰোহীক গামোচা,ফুলৰ থোপা ,শৰাইৰে জনালে উস্ম সম্ভাষণ । তদুপৰি,
অসম জীয়াৰীৰ অসাধাৰণ কৃতিত্বৰ বাবে ৰূপামণি গড়লৈ ১০ লাখ আৰু ভনিতা টিমুংপীলৈ ২ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্রী-এ। উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব কে জে হিলাৰী, বিধায়ক মানৱ ডেকা, কেইবাটাও ক্ৰীড়া সংগঠনৰ বিশিষ্ট ক্ৰীড়া সংগঠক সকল

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *