গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গ্লাছগোৰ পৰা ভাৰতৰ তাৰকা বক্সাৰ তথা অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিক লৈ তীব্ৰ শোক প্ৰকাশ কৰি এটা আৱেগিক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিছে। লাভলীনাই কয় যে বানপানীৰ বেদনাদায়ক ভিডিঅ’বোৰৰ বাবে তেওঁ ৩১ জুলাইৰ গুৰুত্বপূৰ্ণ খেলখনত অৱৰ্তীণ হোৱাৰ বাবে প্ৰশিক্ষণত সঠিকভাৱে মনোনিৱেশ কৰিবলৈ অসুবিধা পাইছে। তেওঁ সকলোৰে শক্তিৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু বানৰ সময়ত অসমৰ ৰাইজৰ একতা দেখি ভাল লাগিছে। তেওঁৰ বাবে নিজৰ প্ৰশিক্ষণত মনোনিৱেশ কৰাটো কঠিন কাৰণ তেওঁ নিজৰ ৰাজ্যৰ বানপানীৰ পুৰণি হৃদয় বিদাৰক ভিডিঅ’বোৰ চকুৰ আগত ভাঁহি উঠে। ভগৱানে সকলোকে সংকটৰ সন্মুখীন হ’বলৈ শক্তি দিয়ক আৰু অতি সোনকালে পৰিস্থিতিৰ অন্ত পৰিব, এইটোৱেই তেওঁ প্ৰাৰ্থনা কৰিছিল। ইজনে সিজনক সহায় কৰিবলৈ মানুহ আগবাঢ়ি অহা দেখি তেওঁ সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰে, যিয়ে অসমৰ ঐক্যৰ পৰিচয় দিয়ে।
উল্লেখ্য যে লাভলীনাই অহা ৩১ জুলাইত টুভালুৰ টাৰোনা তাফাকিৰ বিৰুদ্ধে ছেমিফাইনেল যুঁজত অৱতীৰ্ণ হ'ব ।


0 Comments