নৃপেন্দ্ৰ নাৰায়ন সিংহ সোঁৱৰণী ছোৱালীৰ ১৭ অনুৰ্ধ ৰাজ্যিক স্কুল ফুটবল আৰম্ভ,উদ্বোধনী খেলত জয়ী মৰিগাঁও উঃমাঃ আৰু বহুমুখী বিদ্যালয়

July 29, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

প্ৰতিশ্ৰুতি সম্পন্ন ফৰৱাৰ্ড বন্দনা বড়োৰ চাৰি গল'ৰ সহায়ত মৰিগাঁৱৰ মৰিগাঁও উঃমাঃ আৰু বহুমুখী বিদ্যালয়ে নৃপেন্দ্ৰ নাৰায়ন সিংহ সোঁৱৰণী "১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতা ২০২৬" ৰ উদ্বোধনী খেলত যোৰহাটৰ চৌখাট হাইস্কুলৰ বিৰুদ্ধে ৭-০ গ'লত জয়ী হৈছে । অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত বুধবাৰে মৰিগাঁৱত আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ মানিপুৰ মিনি ষ্টেডিয়ামত ষ্টেডিয়ামৰ অনুষ্ঠিত খেলখনত বিজয়ী মৰিগাঁও উঃমাঃ আৰু বহুমুখী বিদ্যালয়ৰ হৈ বন্দনা বড়োৱে ৪ মিনিটতে প্ৰতিপক্ষৰ গ'লবক্সত আঘাত হানি নিজ দলক ১-০ গ'লৰ অগ্ৰগতি প্ৰদান কৰে। তেওঁ পৰবৰ্তী গ'ল কেইটা দিয়ে খেলৰ ৭,৪৪ আৰু ৫৩ মিনিটত।বিৰতিলৈ ৪-০ গ'লত আগবাঢ়ি থকা মৰিগাঁৱৰ বিৰুদ্ধে প্ৰতিপক্ষ যোৰহাটৰ চৌখাট হাইস্কুলে দুৰ্বল প্ৰদৰ্শনৰ বাবে এটা গলো পৰিশোধ কৰিব নোৱাৰিলে।বিজয়ী মৰিগাঁৱৰ হৈ বাকী গ'লকেইটা দিয়ে লিজা ডেকা,পৰীস্মিতা বৰদলৈ আৰু স্মৃতা পাত্ৰই। জয়ৰ সূত্ৰে আয়োজক মৰিগাঁৱে প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে। ৰাজ্যৰ ৩৩ খন জিলাৰ শ্ৰেষ্ঠ দলে সমূহে অংশ গ্ৰহন কৰা ছোৱালীৰ ৰাজ্যিক জুনিয়ৰ প্ৰতিযোগিতাখনত বুধবাৰে অনুষ্ঠিত নকআউট পৰ্যায়ৰ মুঠ ১০ খন খেলৰ বিজয়ী দলে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।

এই প্ৰতিযোগিতাৰ চেম্পিয়ন স্কুল দলটোৱে নতুন দিল্লীত অনুষ্ঠিত হ’বলগা ঐতিহাসিক সুব্ৰত কাপ ফুটবলৰ ছোৱালীৰ "১৭ বছৰ অনুৰ্ধৰ আন্তৰ্জাতিক প্ৰতিযোগিতা"ত অসমক প্ৰতিনিধিত্ব কৰিব৷ উল্লেখ্য যে, বিগত বৰ্ষৰ সুব্ৰত কাপ ফুটবলৰ ছোৱালীৰ ১৭ বছৰ অনুৰ্ধৰ আন্তৰ্জাতিক প্ৰতিযোগিতাত অসমে চেম্পিয়ন ট্ৰফী দখলৰ ইতিহাস গঢ়ি থৈছে।

ইফালে, বুধবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক মানস প্ৰতীম দাস আৰু খনীন্দ্ৰ মুদৈ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *