১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপঃবৃহস্পতিবাৰে মণিপুৰত ভাৰতীয় নৌ সেনাৰ অভিযান

July 29, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ভাৰতীয় নৌ সেনাৰ ফুটবল দলে চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ"ত বৃহস্পতিবাৰে অভিযান আৰম্ভ কৰিব৷ মণিপুৰৰ ৰাজধানী ইম্ফলত হ’বলগা গ্ৰুপ ‘ডি’ৰ দ্বিতীয়খন লীগ মেচত বৃহস্পতিবাৰে নৌ সেনাৰ দলটোৱে মণিপুৰৰে এফ চি ৰেংদাই দলৰ বিৰুদ্ধে খেলিব৷ খুমান লাম্পাক ষ্টেডিয়ামত আবেলি ৪ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে, ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনত এইবাৰ যি সাতটা দলে অভিষেক কৰাৰ গৌৰৱ অৰ্জন কৰিছে মণিপুৰৰ এফ চি ৰেংদাই দল ইয়াৰে এটা অন্যতম৷ যোৱা ছিজনত আই-লীগ থ্ৰীৰ ৰানাৰ্ছআপ হৈছিল এফ চি ৰেংদাই৷

ইফালে, বৃহস্পতিবাৰে নিশা ৭ বজাত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘বি’ৰ এখন মেচত ছমলেশ্বৰী স্পৰ্টিং দলে বাগপট এফ চিৰ বিৰুদ্ধে খেলিব৷ লীগত আশা সজিৱ ৰখাৰ বাবে উভয় দলৰ বাবে এই মেচ গুৰুত্বপূৰ্ণ৷ ইয়াৰপূৰ্বে প্ৰথম মেচত দূয়োটা দল পৰাস্ত হৈছিল৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী ডুৰাণ্ড কাপৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *