শিৱসাগৰ জিলাৰ খেলুৱৈৰ কাষত অসম টাং চু ডু সন্থা

July 29, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

উজনি অসমৰ কেইবাখনো জিলাত হোৱা প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত বহু লোক ।আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা জিলাখন হ'ল শিৱসাগৰ জিলা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ক্ষতিগ্ৰস্ত জিলা সমূহৰ লোকক সাহাৰ্য প্ৰদান কৰিছে বিভিন্ন জনে । বানাক্ৰান্তক সহায় কৰাৰ মানসেৰে আগবাঢ়ি আহিছে ৰাজ্যৰ অগ্ৰণী ক্ৰীড়া সংস্থা অসম টাং চু ডু সন্থা । শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বানপানীত বেছিকৈ ক্ষতিগ্ৰস্ত সন্থাৰ ১৭ গৰাকী খেলুৱৈ,২ গৰাকী প্ৰশিক্ষক আৰু ১ গৰাকী সন্থাৰ বিষয়-ববীয়াক আৰ্থিক সাহাৰ্যৰ লগতে পানী প্ৰদান কৰে অসম টাং চু ডু সন্থাই । এই আৰ্থিক সাহাৰ্য একত্রিত কৰাত সহযোগ কৰে সন্থাৰ বিষয়-ববীয়াৰ লগতে অভিভাৱক তথা শুভাকাংশী সকলে । অসম টাং চু ডু সন্থাৰ সভাপতি,উপ সভাপতি,সম্পাদক,সহ সম্পাদক ,সদস্যৰ লগতে প্ৰশিক্ষক তথা অভিভাৱকসকলৰ উপস্থিতিত এই সাহাৰ্য বিতৰণ কৰা হয় । সাহাৰ্য প্ৰদান কৰাৰ ক্ষেত্রত সহযোগিতা কৰাৰ সকলোকে ধন্যবাদ জনাইছ অসম টাং চু ডু সন্থাৰ সম্পাদক দেৱজিৎ গগৈ-এ । বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যিক ,ৰাষ্ট্ৰীয় ,আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, প্ৰশিক্ষক তথা সন্থাৰ বিষয়-ববীয়াক সাহাৰ্য প্ৰদান কৰি সোনকালে পৰিস্থিতি সুন্দৰ হোৱাৰ আশা কৰিছে সন্থাই।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *