গ্লাছগোৰ “কমনৱেলথ গেমছ”ত অপ্ৰতিৰোধ্য ভাৰতীয় বক্সাৰ, ছেমিফাইনেলত প্ৰৱেশেৰে বক্সিঙত ১০ টা পদক নিশ্চিত

July 30, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন

যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে "২৩ সংখ্যক কমনৱেলথ গেমছ ২০২৬"। এই প্ৰতিযোগিতাৰ বক্সিং ইভেন্টত ছেমিফাইনেলত প্ৰৱেশ কৰিছে ১০ গৰাকী ভাৰতীয় বক্সাৰে । ইয়াৰ লগে লগে প্ৰতিযোগিতাখনত ভাৰতৰ বাবে ১০ টা পদক নিশ্চিত কৰিলে ১০ গৰাকী বক্সাৰে। যিহেতু বক্সিং প্ৰতিযোগিতাত পৰাস্ত হ'লেও ব‌্ৰঞ্জৰ পদক লাভ কৰে, সেয়েহে ক'ব পাৰি ১০ গৰাকী খেলুৱৈ-এ পদক অৰ্জন নিশ্চিত কৰিলে । ১০ টা পদকৰ ৰং কি হ'ব সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব
। পদক নিশ্চিত কৰা ১০ গৰাকী খেলুৱৈৰ ভিতৰত ৬ গৰাকী মহিলা বক্সাৰ আৰু ৪ গৰাকী পুৰুষ বক্সাৰ ।

পদক নিশ্চিত কৰা ৬ গৰাকী পুৰুষ বক্সাৰ হ'ল ক্ৰমে -লাভলীনা বৰগোঁহাই (৭৫ কেজি),সাক্ষী চৌধুৰী (৫১ কেজি) , প্ৰীতি পাৱাৰ (৫৪ কেজি) ,জেইছমিন লেম্বোৰিয়া(৫৭ কেজি),প্ৰিয়া ঘাংঘাছ (৬০ কেজি), অৰুন্ধতী চৌধুৰী (৭০ কেজি)।

আনহাতে, পুৰুষ শাখাত পদক নিশ্চিত কৰা ৪ গৰাকী খেলুৱৈ হ'ল ক্ৰমে - যদুমণি সিং মাণ্ডেংবাম(৫৫ কেজি), শচীন ছিৱাচ (৬০ কেজি),অংকুশ পাংঘল (৮০ কেজি), নৰেন্দ্ৰ বেৰৱাল (৯০ কেজি)।

উল্লেখ্য যে অহা ৩১ জুলাইত ছেমিফাইনেলৰ যুঁজত নামিব অসম কন্যা অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই । ইফালে ভাৰতীয় বক্সিং দলৰ পৰ্যবেক্ষক ৰূপে আছে অসম এমেছাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতা ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *