গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন
মণিপুৰৰ এফ চি ৰেংদাই দলে ইতিহাস গঢ়ি চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল"ৰ অভিষেক মেচতে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে ইম্ফলত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ মেচত দলে একমাত্ৰ গলত পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল দলক৷ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত এফ চি ৰেংদাইৰ হৈ খেলৰ ৫৮ মিনিটত গল কৰে অমৰজিত সিঙে৷
গেলেৰী ভৰ্তি মণিপুৰৰ ফুটবলপ্ৰেমীৰ একক সমৰ্থনত খেলা এফ চি ৰেংদাই দলে খেলৰ আৰম্ভণিৰ পৰাই আক্ৰমণ কৰিছিল যদিও প্ৰথমাৰ্ধত গল কৰাত সফল নহ’ল৷ কিন্তু দ্বিতীয়াৰ্ধত দলে আক্ৰমণত অতিৰিক্ত খেলুৱৈ অন্তৰ্ভুক্ত কৰে৷ প্ৰথম ৪৫ মিনিট বাহিৰত থকা অমৰজিতে দ্বিতীয়াৰ্ধত খেলপথাৰত প্ৰৱেশ কৰি ঘৰুৱা দলৰ ৰণনীতি স্পষ্ট কৰি দিয়ে৷
৫৮ মিনিটত দলৰ মিডফিল্ডাৰ মিদুল দ’লে বল লৈ আগবাঢ়িছিল৷ কিন্তু নৌ সেনাৰ গলৰক্ষক ভাস্কৰ ৰয়ে মিদুলক বাধা দিয়ে৷ অৱশ্যে বল আয়ত্ব কৰাত ভাস্কৰ ব্যৰ্থ হোৱাত অমৰজিতে গলবক্সত বল সোমাই দিয়ে৷ ইফালে, ৭৯ মিনিটত নৌ সেনাক দ্বিতীয়টো গলৰ পৰা ৰক্ষা কৰে ভাস্কৰে৷
উল্লেখ্য যে ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল শুক্ৰবাৰৰ পৰা উত্তৰ-পূৱৰ আন এখন ৰাজ্য শ্বিলঙত অনুষ্ঠিত হ’ব৷ জৱহৰলাল নেহৰু ষ্টেডিয়ামত শুক্ৰবাৰে পাঁচ বজাত হ’বলগা গ্ৰুপ ‘ই’ৰ মেচত শ্বিলং লাজং দলে নংকেশ এছ এছ চি চিৰ বিৰুদ্ধে খেলিব৷
ইফালে, শুক্ৰবাৰে কলকাতাৰ কিশোৰ ভাৰতী ষ্টেডিয়ামত নিশা ৭ বজাত হ’বলগা আন এখন মেচত ইষ্ট বেংগল এফ চিয়ে চি আই এছ এফ প্ৰটেকটৰ্ছৰ বিৰুদ্ধে খেলিব৷ আই এছ এল চেম্পিয়ন ইষ্ট বেংগলৰ বাবে এই মেচ মৰণপণ৷ দল প্ৰথম খেলত মোহন বাগানৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷
উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী ডুৰাণ্ড কাপৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷


0 Comments