“আন্তঃজিলা আৰ্চাৰী প্ৰতিযোগিতা”ত শ্ৰেষ্ঠ কামৰূপ মেট্ৰ, দ্বিতীয় শিৱসাগৰ

July 30, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

যোৱা ২৬ ৰ পৰা ২৮ জুলাইলৈ ডিব্ৰুগড় খনিকৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় "১৭ সংখ্যক জুনিয়ৰ ১৩ অনুৰ্ধ আৰু চতুৰ্থ ১০ অনুৰ্ধ আন্তঃজিলা আৰ্চাৰী চেম্পিয়নশ্বিপ"।অসম আৰ্চাৰী সন্থাৰ তত্বাবধানত উজনি অসম আৰ্চাৰী একাডেমী-এ আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ২৬ খন জিলাই । ল'ৰা-ছোৱালী উভয়ৰে বাবে অনুষ্ঠিত ৰাজ্যিক প্ৰতিযোগিতাত বিগত তিনিটা দিনত ৩৯২ গৰাকী আৰ্চাৰে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন ।

১১ টা সোণ,৭ টা ৰূপ,২ টা ব্ৰঞ্জসহ মুঠ ২০ টা পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মান বুটলিলে কামৰূপ মেট্ৰ-এ। সেইদৰে,৫ টা সোণ,২ টা ৰূপ,৬ টা ব্ৰঞ্জসহ মুঠ ১৩ টা পদকেৰে দ্বিতীয় স্থানত জিলিকিল শিৱসাগৰ। আনহাতে,৪ টা সোণ,৭ টা ৰূপ ,৬ টা ব্ৰঞ্জসহ মুঠ ১৭ টা পদকেৰে তৃতীয় স্থানত জিলিকিল ভেৰগাওঁ ।

সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিপু কুমাৰ ডেকা,ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া,অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।

প্ৰতিযোগিতাখন সুন্দৰ ৰূপত আয়োজন কৰাৰ বাবে অসম আৰ্চাৰী সন্থাই ধন্যবাদ জনাইছে উজনি অসম আৰ্চাৰী একাডেমীক
। তদুপৰি কৃতজ্ঞতা জ্ঞাপন কৰিছে ডিব্ৰুগড়ৰ উপ-আয়ুক্ত বিক্ৰম কৈৰী , জিলা ক্ৰীড়া বিষয়া চামি শইকীয়াক ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *