“নৃপেন্দ্ৰ নাৰায়ণ সিংহ আন্তঃজিলা ছোৱালী ফুটবল”ৰ সামৰণি ,তৃতীয়বাৰলৈ খিতাপ জয় বিগত বৰ্ষৰ সুব্ৰত কাপ জয়ী বেতকুছি হাইস্কুলৰ

July 31, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ ছায়াশ্ৰী চাংমাৰ দুটা গ'লৰ সহায়ত কামৰূপ মেট্ৰ' জিলাৰ বেতকুছি হাইস্কুল দলে ক্ৰমাগত তৃতীয়বাৰৰ বাবে "নৃপেন্দ্ৰ নাৰায়ন সিংহ সোঁৱৰণী ৰাজ্যিক আন্তঃজিলা ছোৱালীৰ স্কুল ফুটবল টুৰ্ণামেণ্ট"ৰ চেম্পিয়ন খিতাপ অৰ্জন কৰে ।
আৰম্ভণিতে বতৰৰ বিঘিনি সত্ত্বেও সুকলমে অনুষ্ঠিত হ'ল "সদৌ অসম আন্তঃজিলা ছোৱালীৰ স্কুল ফুটবল টুৰ্ণামেণ্ট"খন । মৰিগাঁও জিলাৰ নৱনিৰ্মিত মানিপুৰ ষ্টেডিয়ামত শুক্ৰবাৰে শুকুৰবাৰৰ বিয়লি অনুষ্ঠিত চূড়ান্ত যুঁজত কামৰূপ মেট্ৰ' জিলাৰ বেতকুছি হাইস্কুল দলে কোকৰাঝাৰ জিলাৰ ৰামফলবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ২-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলৰ ১০ মিনিটত বিপক্ষৰ ৰক্ষণ বিভাগৰ অসমতাৰ সুযোগত ছায়াশ্ৰীয়ে কামৰূপ মেট্ৰ'ৰ হৈ প্ৰথমটো গ'ল দিয়ে(১-০) । প্ৰত্যাক্ৰমন জোৰদাৰ কৰি প্ৰথমাৰ্ধৰ অন্তিম সময়ত( ৩০ মিনিটত)ৰোশনী বসুমতাৰীয়ে এক উত্তেজনাপূৰ্ণ পৰিবেশত কোকৰাঝাৰৰ হৈ উক্ত গ'ল পৰিশোধ কৰে (১-১) । প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হৈ উঠা মেচখনৰ দ্বিতীয়াৰ্ধত কোকৰাঝাৰ দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈয়ে ফাউল কৰাত ৰেফাৰী পূৰ্ণিমা দৈমাৰীয়ে ফ্ৰী কিকৰ নিৰ্দেশ দিয়ে । মেচৰ ৩৯ মিনিটত প্ৰায় ২০ গজ নিলগৰ পৰা ফ্ৰী কিক গ'ললৈ ৰূপান্তৰিত কৰি দলৰ বিজয় নিশ্চিত কৰে ছায়াশ্ৰী চাংমাই।

এই জয়লাভ সূত্ৰে বিগত বৰ্ষৰ সুব্ৰত কাপৰ চেম্পিয়ন বেতকুছি হাইস্কুলে পুনৰ অসমক প্ৰতিনিধিত্ব কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিলে । ইয়াৰ পূৰ্বে ছেমিফাইনেলত কোকৰাঝাৰে তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুলক ৩-০ আৰু কামৰূপ মেট্ৰ'ৱে কাৰ্বিআংলঙৰ মাউণ্ট এভাৰেষ্ট ইংলিছ হাইস্কুলক ৪- ০ গ'লৰ বৰুৱাই ফাইনেলত উপনীত হৈছিল । ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা এই টুৰ্ণামেণ্টৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী । সামৰণিত বঁটা, মেডেল আৰু চেক সমূহ বিতৰণ কৰে ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী, যুটীয়া সঞ্চালক তৰালী দাস, মৰিগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক জিতু বৰদলৈ, উপ ক্ৰীড়া সঞ্চালক সত্যব্ৰত গগৈ, সহকাৰী সঞ্চালক মানস প্ৰতিম দাস, ৰিলিপ ৰংহাঙে ।কামৰূপ মেট্ৰ' দলটো: ফুৰচাং লামা, মিনাক্ষী ভূঞা, অঞ্জলি ব্ৰহ্ম, লিবিয়া তাঁতি, মেৰী মেচ, ছনিয়া তামাং, বনশ্ৰী বৰদলৈ, লক্ষী গয়াৰী, ছায়াশ্ৰী চাংমা, টুলুমণি এব্ৰহ্ম, অনামী মাঝি ।অতিৰিক্ত -- অঞ্জু প্ৰধান, প্ৰিংকা মুণ্ডা, আচিংফা গোন্ধা, স্নেহা পাটৰ ।
কোকৰাঝাৰ দলটো:অঞ্জলি বসুমতাৰী, ময়ুৰী ব্ৰহ্ম, ৰাইজিনা বসুমতাৰী, কুমাৰী বসুমতাৰী, ৰিবিকা বসুমতাৰী, ৰংগিনা বসুমতাৰী, কৃতিকা হাজোৱাৰী, দুবৰী গয়াৰী, ৰোশনী বসুমতাৰী, কৃষ্ণা মুছাহাৰী, বিছিছা হাজোৱাৰী ।
অতিৰিক্ত --- নন্দিতা বসুমতাৰী, প্ৰিবুনি মুছাহাৰী, মৃণালিনী বসুমতাৰী, হেইনা ব্ৰহ্ম, ছুজুনা নাৰ্জাৰী ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *