১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল আৰম্ভ,গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত অসমৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে ভাৰতীয় সেনাৰ দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰদৰ্শন

August 1, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসমৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰি তথা ভাৰতীয় সেনাৰ পৰম্পৰাগত দুঃসাহসিক ক্ৰীড়াশৈলীৰ শিহৰণকাৰী প্ৰদৰ্শনৰ যুগলবন্দীৰে গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত শনিবাৰে চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল"ৰ মনোৰম উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বড়োলেণ্ড এফ চিৰ মাজৰ গ্ৰুপ ‘এফ’ৰ প্ৰথমখন মেচৰ পূৰ্বে হোৱা ৩০ মিনিটৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰী মুখ্য অতিথিৰূপে উপস্থিত থাকে৷

আনহাতে, বিত্ত তথা পৰিবেশ-বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ক্ৰীড়া বিভাগৰ বিশেষ সচিব কে জে হিলালি, লেফটেনেণ্ট জেনেৰেল ভি এম বি কৃষ্ণন, লেফটেনেণ্ট জেনেৰেল নীৰজ শুক্লা, ইণ্ডিয়ান অইলৰ অধ্যক্ষ অৰবিন্দৰ সিং সাহনী আদি বিশিষ্ট অতিথিৰূপে মুকলি অনুষ্ঠানত উপস্থিত থাকে৷ উল্লেখ্য যে ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক ঐতিহাসিক ডুৰাণ্ড কাপৰ খেল ২০২২ চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল৷ এই ধাৰা অব্যাহত ৰাখি ভাৰতীয় সেনাই ৰাজ্য চৰকাৰৰ সহযোগত অসমত ডুৰাণ্ড কাপ আয়োজন কৰি আহিছে৷

এয়াৰ হট বেলুন, জাজ বেণ্ডৰ সংগীত পৰিবেশন, আৰ্মি ব্ৰাছ বেণ্ড, পাইপ বেণ্ড আৰু সেনাৰ ডগ শ্ব’ৰ জড়িয়তে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত ডুৰাণ্ড কাপৰ ১৩৫ বছৰীয়া গৌৰৱময় যাত্ৰাৰ এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়৷ তদুপৰি, মিলিটাৰী বেণ্ড আৰু এন চি চি অল গাৰ্লছ ব্ৰাছ বেণ্ডৰ অনুষ্ঠানৰ পাছতে সেনা জোৱানে দৰ্শনীয় স্কাইডাইভিং প্ৰদৰ্শন কৰে৷ ইয়াৰ পাছতে বগুৰুম্বা, বৰদৈছিখলা, বিহু আৰু ভোৰতাল নৃত্যৰ নান্দনিক প্ৰদৰ্শনে ডুৰাণ্ড কাপৰ ঐতিহ্যৰ লগত অসমৰ লোক কৃষ্টিৰ ঐতিহ্যক পদশিল্পৰ সেউজ ঘাহনিত মনিকাঞ্চন সংযোজন কৰে৷

মুকলি অনুষ্ঠানত সেনাই পেৰামটৰ আৰু এৰ’মডেলিঙো প্ৰদৰ্শন কৰে৷ তদুপৰি ‘বদলুৰাম কা বদন’ৰ উপস্থাপন কৰি প্ৰতিযোগিতাখনৰ সৈতে জড়িত সামৰিক পৰম্পৰাক সুন্দৰকৈ প্ৰতিফলিত কৰা হয়৷ তাৰ পিছতে খেলপথাৰলৈ আহে এ এল এইচ হেলিকপ্টাৰ ফ্লাইপাষ্ট৷ আনহাতে, দৰ্শকক চেণ্ডা ড্ৰামবাদক আৰু কালাৰিপায়াট্টুৰ অভিনয়ৰেও আদৰণি জনোৱা হয়৷ ইফালে, এম কে আই যুঁজাৰু বিমানৰ ফ্লাইপাষ্ট আছিল আন এক আকৰ্ষণীয় অনুষ্ঠান৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *