“কমনৱেলথ গেমছ”ত অসমকন্যা লাভলীনাৰ ৰূপজয়,অসমৰ বানত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি ৰূপৰ পদক উৎসৰ্গা লাভলীনা বৰগোঁহাইৰ

August 2, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ই

চলিত "কমনৱেলথ গেমছ"ত ৰূপৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমকন্যা লাভলীনা বৰগোঁহাই-এ । শনিবাৰে নিশা মহিলাৰ ৭৫ কেজি শাখাত ফাইনেলৰ অৱৰ্তীণ হয় ৰিঙৰ ৰাণী লাভলীনা বৰগোঁহাই। তাৰকা বক্সাৰ গৰাকী-এ সোণৰ পদক লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা-ছু-গ্ৰীণট্ৰিৰ হাতত পৰাস্ত হৈ অৰ্জন কৰে ৰূপৰ পদক । প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত পদক জয় কৰিলে লাভলীনাই ।কমনৱেলথ গেমছত পদকজয় কৰা তৃতীয় গৰাকী অসমীয়া ৰূপে পৰিগণিত হ'ল লাভলীনা বৰগোঁহাই।ইয়াৰ পূৰ্বে ২০১০ চনত আৰ্চাৰ জয়ন্ত তালুকদাৰে ব্ৰঞ্জ আৰু ২০২২ চনত লনবলত নয়নমণি শইকীয়াই লাভ কৰিছিল সোণৰ পদক।

ইফালে,অসমৰ বান পৰিস্থিতিকলৈ দুখিত বজ্ৰকন্যা লাভলীনা বৰগোঁহাই।কমনৱেলথ গেমছৰ ৰূপৰ পদক অসমৰ শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি উৎসৰ্গা কৰে লাভলীনাই । সংবাদমাধ্যমৰ সৈতে হোৱা মত-বিনিময়ত তেওঁ কয় এনেদেৰ - "অসমৰ বানত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি মই মোৰ পদক উৎসৰ্গা কৰিব বিচাৰিছো।এই জটিল সময়ত মই তাত থাকিব পৰা নাই ।আপোন মানুহখিনিক তেনেকৈ দেখি বৰ কষ্টত আছো।মানুহখিনিয়ে তেনে এক দুৰ্বিষহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে মই খেলত সম্পূৰ্ণ মনোযোগ দিব পৰা নাছিলো। সেয়েহে মই এই পদক অসমৰ ৰাইজৰ নামত উৎসৰ্গা কৰিব বিচাৰো"।

উল্লেখ্য যে,ভাৰতে কমনৱেলথ গেমছ ২০২৬ ৰ বক্সিং ইভেন্টত মুঠ ১০ টা পদক অৰ্জন কৰি ৰচিলে ইতিহাস ।ইয়াৰে ৭ টা সোণ আৰু ৩ টা ৰূপৰ পদক।

সোণজয়ী ভাৰতীয় বক্সাৰ সকল হ'ল ক্ৰমে- প্ৰীতি পাৱাৰ(৫৩), জেইছমিন লেম্বোৰিয়া(৫৭),সাক্ষী চৌধুৰী(৫১ কেজি), প্ৰিয়া ঘাংঘাছ(৬০ কেজি),অৰুণন্ধতী চৌধুৰী(৯০ কেজি)শচীন চিৱাচ(৬০ কেজি) আৰু অংকুশ পাংঘল(৮০ কেজি)

আনহাতে,ৰূপজয়ী ভাৰতীয় বক্সাৰ হ'ল ক্ৰমে-লাভলীনা বৰগোঁহাই(৭৫),যদুমণি সিং(৫৫) আৰু নৰেন্দ্ৰ বেৰৱাল(৯০কেজি)।
ইফালে,ভাৰতীয় বক্সিং দলৰ পৰ্যবেক্ষক ৰূপে দায়িত্ব পালন কৰিলে অসম এমেছাৰ বক্সিং সন্থাক সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই ।

চলিত "কমনৱেলথ গেমছ"ত সামগ্ৰিকভাৱে ভাৰতে অৰ্জন কৰিলে মুঠ ৩৯ টা পদক।ইয়াৰে ১৩টা সোণ,১৭ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *