গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
কোৰৰাঝাৰত "অস্মিতা হকী চিটি লীগ"।"নামনি অসম মণ্ডল"ৰ মহিলা হকী দলৰ অংশগ্ৰহণ।বি.টি.আৰ. অঞ্চলত "ৰাষ্ট্ৰীয় খেল" হকীৰ প্ৰচাৰ-প্ৰসাৰ চলাব অসম হকী-এ।কোকৰাঝাৰৰ বিধায়িকা সেউলী মহিলাৰী-এ দিলে সেউজ সংকেত।
শনিবাৰে কোকৰাঝাৰ ছাই কেন্দ্ৰত অনুষ্ঠিত হয় "অস্মিতা হকী চিটি লীগ"।হকী ইণ্ডিয়া আৰু ছাইৰ তত্বাবধানত অসম হকী-এ আয়োজন কৰা "নামনি অসম" মণ্ডলৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে কোকৰাঝাৰ,বঙাইগাওঁ ,ওদালগুৰি আৰু মাজবাট আদি স্থানৰ মহিলা হকী দলে।
আন্তঃৰাষ্ট্ৰীয় মানৰ হকীৰ গ্ৰাউণ্ডত মহিলা হকী খেলুৱৈসকলে ক্ৰীড়াঙ্গনত উজাৰি দিলে শ্ৰেষ্ঠত্ব ।
প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে কোকৰাঝাৰৰ বিধায়িকা সেউলী মহিলাৰী-এ।তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকিলএছ. এছ. বি. কামাণ্ডেন্ট অমৰ সিং,এন চি.চি. কোকৰাঝাৰৰ চি'অ' বিজয় ৰাণা,অসম হকীৰ সভাপতি তপন কুমাৰ দাসৰ লগতে জ্যেষ্ঠ প্ৰশিক্ষক আৰু খেলুৱৈ সকল।
ভাললগা কথাটো হ'ল যে,ভাৰতৰ "ৰাষ্ট্ৰীয় খেল" হকীক বি.টি.আৰ. অঞ্চলত প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ সেউজ সংকেত প্ৰদান কৰিছে বিটিআৰ চীফ হাগ্ৰামা মহিলাৰীৰ লগতে কোকৰাঝাৰৰ বিধায়িকা সেউলী মহিলাৰী-এ।বি.টি.আৰ. চীফ হাগ্ৰামা মহিলাৰী এই অনুষ্ঠানত উপস্থিত নাথাকিলেও সেউলী মহিলাৰী-এ এই বাৰ্তা উপস্থাপন কৰি অসম হকীৰ ওচৰত এই সন্দৰ্ভত প্ৰতিশ্ৰুতি প্ৰদান কৰে।
ছাই কোকৰাঝাৰত হকীৰ যি আন্তঃৰাষ্ট্ৰীয় মানৰ হকীৰ গ্ৰাউণ্ড আছে,সেয়া সদব্যৱহাৰ কৰিবলৈ ইতিমধ্য বিটিআৰ চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিছে।
বিধায়িকা সেউলী মহিলাৰী-এ তেওঁৰ ভাষণত এই কথা অৱগত কৰি কয় -"ৰাষ্ট্ৰীয় খেল" হকীক বিটিআৰ অঞ্চলতো সম-মৰ্যদাৰে আগুৱাই নিব লাগিব" ।বিধায়িকা সিউলী বসুমতাৰীৰ প্ৰতিশ্ৰুতিত আনন্দিত অসম হকী সন্থা।আগন্তুক সময়ত জ'নেল বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী প্ৰতিযোগিতা বি.টি.আৰ. অঞ্চলতো আয়োজন কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে অসম হকীৰ সভাপতি তপন কুমাৰ দাসে।
ক্ৰীড়া অনুৰাগীৰ আশা- বি.টি.আৰ. চীফ হাগ্ৰামা মহিলাৰী আৰু বিধায়িকা সেউলী মহিলাৰীৰ তত্বাবধানত তথা অসম হকীৰ সহযোগত বি.টি.আৰ. অঞ্চলত প্ৰচাৰ-প্ৰসাৰ লাভ কৰক ৰাষ্ট্ৰীয় খেল "হকী"-এ।


0 Comments