গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
কেৱল ক্ৰীড়াতে সীমাবদ্ধ নহয় "সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা"ৰ কাম-কাজ । সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দায়বদ্ধতাৰে ৰাজ্যৰ বানাক্ৰান্তৰ কাষত থিয় দিছে "সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা"। অসমৰ ফুটবল খেলপৰিচালক সকলৰ উমৈহতীয়া অনুষ্ঠান "সদৌ অসম ফুটবল খেলপৰিচালক কল্যাণ সন্থা"ই যোৱা ১৯ জুলাইত দিখৌ নদীৰ প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰি থৈ যোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে। সন্থাৰ সভাপতি গৌতম কলিতা আৰু সাধাৰণ সম্পাদক তথা অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈৰ নেতৃত্বত এক বৃহৎ দলে চৰাইদেউ জিলাৰ চুমনি গাঁও, টেঙাপুখুৰী কলিয়ামাটি, ধামধুলি ন-গাঁও, শিৱসাগৰ জিলা মাউত গাঁও, চেতিয়া সন্দিকৈ গাঁওকে আদি কৰি বিভিন্ন স্থানত বানপীড়িত ৰাইজৰ মাজত খাদ্য সামগ্ৰী লগতে নিত্য ব্যৱহাৰ্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে।


0 Comments