গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
সামৰণি পৰিল গ্লাছগ'ৰ "কমনৱেলথ গেমছ"।বক্সিঙত ৰূপ অৰ্জনেৰে জিলিকিল অসমকন্যা লাভলীনা বৰগোঁহাই।
৩৯ টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানত ভাৰত ।আহমেদাবাদত অনুষ্ঠিত হ'ব ২০৩০ ৰ "কমনৱেলথ গেমছ"।
স্কটলেণ্ডৰ গ্লাছগ'ত যোৱা ২৩ জুলাইৰ পৰা অনুষ্ঠিত "২৩ সংখ্যক কমনৱেলথ গেমছ"ৰ দেওবাৰে সফল সামৰণি ঘটিল।
বিগত ১১ টা দিনত ১০ টা ক্ৰীড়াৰ ২১৫ টা ইভেন্টত ৭৪ খন দেশৰ ২,৭২৯ গৰাকী খেলুৱৈ-এ ক্ৰীড়াঙ্গনত উজাৰি দিলে শ্ৰেষ্ঠত্ব।প্ৰতিযোগিতাখনত ৬৫ টা সোণ,৪১ টা ৰূপ,৫২ টা ব্ৰঞ্জসহ মুঠ ১৫৮ টা পদকেৰে তালিকাৰ শীৰ্ষত জিলিকিল অষ্ট্ৰেলিয়া।সেইদৰে,২৬ টা সোণ,৪০ টা ৰূপ,৬৫ টা ব্ৰঞ্জসহ মুঠ ১০১ টা পদকেৰে দ্বিতীয় স্থান অধিকাৰ কৰে ইংলেণ্ডে ।আনহাতে,১৮ টা সোণ ,২০ টা ৰূপ,২১ টা ব্ৰঞ্জসহ মুঠ ৫৯ টা পদকেৰে তৃতীয় স্থান লাভ কৰিলে কানাডাই ।তদুপৰি,১৩ টা সোণ,১৭ টা ৰূপ,০৯ টা ব্ৰঞ্জসহ মুঠ ৩৯ টা পদকেৰে চতুৰ্থ স্থানত অভিযান সামৰিলে ভাৰতে।
প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে ৭ টা সোণ ,৩ টা ৰূপসহ মুঠ ১০ টা পদক লাভ কৰে ভাৰতীয় বক্সিং দলে। সেইদৰে এথলেটিকছত ভাৰতীয় দলটোৱে অৰ্জন কৰে ৫ টা ৰূপ ৫ টা ব্ৰঞ্জসহ মুঠ ১০ পদক ।সামান্তৰালভাৱে ৩ টা সোণ,২ টা ৰূপ ,১ টা ব্ৰঞ্জসহ মুঠ ৬ টা পদক ভাৰতক উপহাৰ দিলে পেৰা এথলেটিকছ খেলুৱৈ-এ। ইতিহাস ৰচনা কৰি ২ টা সোণ, ১ টা ৰূপ,১ টা ব্ৰঞ্জসহ মুঠ ৪ টা পদক দখল কৰে ভাৰতীয় জুডো খেলুৱৈ-এ। ১ টা সোণ ,৬ টা ৰূপ ,১ টা ব্ৰঞ্জসহ মুঠ ৮ টা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাৰতীয় ভাৰোত্তোলকে। তদুপৰি পেৰা পাৱাৰ লিফ্টিঙত ভাৰতে লাভ কৰে ১ টা ব্ৰঞ্জৰ পদক।
ইফালে,সদ্য সমাপ্ত গ্লাছগোৰ "কমনৱেলথ গেমছ"ত অসমৰ ৪ গৰাকী সন্তানে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে ।তেওঁলোক হ'ল বক্সাৰ লাভলীনা বৰগোঁহাই ,লনবল খেলুৱৈ নয়নমণি শইকীয়া,পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাস।এই প্ৰতিযোগিতাত ৰূপ দখলেৰে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই-এ।শনিবাৰে নিশা অনুষ্ঠিত মহিলাৰ ৭৫ শাখাৰ বক্সিঙত অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা-ছু-গ্ৰীণট্ৰিৰ হাতত পৰাস্ত হৈ ৰূপ লাভ কৰে লাভলীনাই । নিজা কেৰিয়াৰত প্ৰথমবাৰৰ বাবে "কমনৱেলথ গেমছ"ত পদক দখল কৰিলে টকিঅ' অলিম্পিকৰ পদকজয়ী বক্সাৰ লাভলীনাই।ইয়াৰ লগে লগে "কমনৱেলথ গেমছ"ত পদকজয়ী তৃতীয় গৰাকী অসমীয়া ৰূপে পৰিগণিত হ'ল লাভলীনা।পূৰ্বে ২০১০ চনত আৰ্চাৰ জয়ন্ত তালুকদাৰে ব্ৰঞ্জ আৰু ২০২২ চনত লনবলত নয়নমণি শইকীয়াই লাভ কৰিছিল সোণৰ পদক।
গ্লাছগ'ৰ "কমনৱেলথ গেমছ"ৰ ৰূপৰ পদক ৰাজ্যৰ শেষতীয়া বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি উৎসৰ্গা কৰিলে লাভলীনাই।
ভাৰতীয় বক্সিং দলৰ পৰ্যবেক্ষক ৰূপে দায়িত্ব পালন কৰিলে অসম এমেছাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই ।আনহাতে ভাৰতীয় ভাৰোত্তোলন দলৰ অন্যতম প্ৰশিক্ষক ৰূপে দলটোৰ সৈতে গৈছিল অসম সন্তান অলকেশ বৰুৱা ।
উল্লেখ্য যে,আহমেদাবাদত অনুষ্ঠিত হ'ব "২০৩০ চনৰ কমনৱেলথ গেমছ"।গ্লাছগোৰ সামৰণি অনুষ্ঠানত ভাৰতক পৰৱৰ্তী "কমনৱেলথ গেমছ"ৰ আয়োজকৰ দায়িত্ব অৰ্পন কৰা হয়।অলিম্পিক পদকজয়ী ভাৰতীয় জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰা আৰু ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষাৰ উপস্থিতিত গ্ৰহণ কৰে কমনৱেলথৰ পতাকা।
কাউন্ট ডাউন আৰম্ভ।মাজত মাথোন চাৰিটা বছৰ।আহমেদাবাদৰ কমনৱেলথ গেমছ-২০৩০ লৈ সাজু হওঁক ভাৰতীয় এথলীট। ঘৰুৱা মাটিত,ঘৰুৱা লোকৰ সমৰ্থনত ভাৰতে দখল কৰক অভিলেখ সংখ্যক পদক।


0 Comments