গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ সোমবাৰে গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ দ্বিতীয় খন মেচত জন্মু-কাশ্মীৰৰ দল এফ চি ওৱানে ২-১ গলত পৰাস্ত কৰে অসমৰ ক্লাব কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক৷ প্ৰথমে গল হজম কৰাৰ পাছতো সফল প্ৰত্যাবৰ্তন কৰি এফ চি ওৱান দলে ডুৰাণ্ড কাপৰ অভিষেক মেচতে অনবদ্য জয় অৰ্জন কৰিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনত এইবাৰ প্ৰথমবাৰৰ বাবে অংশ লোৱাৰ সুযোগ পাইছে এফ চি ওৱান দলে৷
ঘৰুৱা অনুৰাগীৰ সমৰ্থনত খেলা কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ দলে খেলত প্ৰথমে গল কৰি অগ্ৰগতি লয়৷ ২৭ মিনিটত যোছেফ মায়’ৱা অ’লালিয়ে গল কৰি মৰ্ণিং ষ্টাৰক ১-০ ৰ অগ্ৰগতি দিয়ে৷ কিন্তু প্ৰথমাৰ্ধৰ সমাপ্তিৰ পূৰ্বেই মেচত সমতা স্থাপন কৰে এফ চি ওৱান দলে৷ ৪০ মিনিটত ছাকিৰ আহমেদ শ্বেখে জন্মু-কাশ্মীৰৰ দলটোৰ হৈ গল কৰে৷
দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত এফ চি ওৱান দলে আৰম্ভণিৰ পৰাই ঘৰুৱা দলটোক চাপত ৰখাৰ ৰণনীতিৰে আক্ৰমণ কৰে৷ খেলৰ ৫৩ মিনিটত হায়াত বাছিৰে গল কৰি দলক ২-১ ৰ অগ্ৰগতি দিয়ে৷ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰে প্ৰত্যাবৰ্তনৰ চেষ্টা কৰে যদিও বিফল হয়৷
ইফালে, সোমবাৰে মণিপুৰৰ ইম্ফলত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ খেলত এফ চি ৰাংদাই দলে ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে ট্ৰাউ এফ চিক৷ ৰাংদাইৰ হৈ মৃদুল দলে হেট্ৰিক অৰ্জন কৰে৷
প্ৰতিযোগিতাৰ মংগলবাৰে নিশা হ’বলগা খেলত মোহন বাগান ছুপাৰ জায়েণ্ট দলে ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব৷ নিশা ৭ বজাত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত মেচখন অনুষ্ঠিত হ’ব৷
ইয়াৰপূৰ্বে ৰাঁচিত দিনৰ ৪ বজাত হ’বলগা দিনটোৰ প্ৰথমখন মেচত গ্ৰুপ ‘চি’ দুই দল জামছেদপুৰ এফ চি আৰু এছ চি দিল্লী মুখামুখি হ’ব৷
উল্লেখ্য যে ডুৰাণ্ড কাপৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷


0 Comments