“ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া”ত অসমৰ ১৪ টা পদক

August 4, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"১৩ সংখ্যক ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া"ত অসমৰ সাফল্য ।১৪ টা পদকেৰে জিলিকিল অসম দল।
অসম ছাত্র অলিম্পিক সন্থাৰ শুভেচ্ছা।

যোৱা ৩১ জুলাইৰ পৰা ২ আগষ্টলৈ হাৰিয়ানাৰ ৰৌতাকত অনুষ্ঠিত হয় " ১৩ সংখ্যক ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৬-২৭।
ছাত্র অলিম্পিক এছচিয়েচন ,ইণ্ডিয়াৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে অসমকে ধৰি ১৮ খন ৰাজ্যৰ খেলুৱৈ-এ।
অসম ছাত্র অলিম্পিক সন্থাৰ অধীনত যোৱা ১৬ গৰাকী খেলুৱৈৰ দলে অসমক প্ৰতিনিধিত্ব কৰি কাৰাটে ,টাইকোৱানডো আৰু উশ্বু ইভেন্টত লাভ কৰে মুঠ ১৪ টা পদক ।

টাইকোৱানডো ইভেন্টত অসমক দলটোৱে ৯ টা সোণ,১ টা ৰূপসহ অৰ্জন কৰে মুঠ ১০ টা পদক।টাইকোৱানডোত সোণ জিনা অসমৰ খেলুৱৈসকল হ'ল ক্ৰমে- ৫৮ কেজি অনুৰ্ধত মানস জ্যোতি বৰদলৈ,৫৪ কেজি অনুৰ্ধত পল ডেকা,৫৭ কেজি অনুৰ্ধত মাধুৰী তালুকদাৰ,৪৯ কেজি অনুৰ্ধত জৰ্ণা বৰদলৈ,৬২ কেজি অনুৰ্ধত টুইংকল বৰা,৪৬ কেজি অনুৰ্ধত অৰুণিমা দেৱী,৭৪ কেজি অনুৰ্ধত ভৈৰৱী কোঁৱৰ,৭৩ কেজি উৰ্ধত আমনা ছবিৰ আৰু ৪০ কেজি উৰ্ধত ত্রিবেনী পাটৰ ।আনহাতে টাইকোৱাডো ইভেন্টৰ ৫৪ কেজি অনুৰ্ধত ৰূপ দখল কৰে ননী পাটৰে ।

সেইদৰে কাৰাটে ইভেন্টত ৩ টা পদক লাভ কৰে অসমৰ খেলুৱৈ-এ।সোণজয়ী অসমৰ কাৰাটে খেলুৱৈ তিনিগৰাকী হ'ল ক্ৰমে -মাৰুফা খানম,চুমিআ' আখতাৰ আৰু চাজিদ আলম।তদুপৰি,উশ্বু ইভেন্টৰ ৪৫ কেজি অনুৰ্ধত জানমণি হাজঙে লাভ কৰে সোণৰ পদক। পদকজিনি খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি।

উল্লেখ্য যে,দলটোৰ নেতৃত্ব বহন কৰে আন্তঃৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ তথা "অসম ছাত্র অলিম্পিক সন্থা"ৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে।
দলটোৰ টাইকোৱানডো প্ৰশিক্ষক ৰূপে প্ৰাঞ্জল বৰা থকাৰ বিপৰীতে আৰু কাৰাটে প্ৰশিক্ষকৰ দায়িত্বত আছিল তছল্লিম আহমেদ।

মংগলবাৰে হাৰিয়ানাৰ পৰা আহি "ছাত্র অলিম্পিক"ৰ অসম দলটো গুৱাহাটীত পৰ্দাপন কৰিলে।পদকজিনা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিলে অসম ছাত্র অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে।ক্ৰীড়া অনুৰাগীৰ আশা- "অসম ছাত্র অলিম্পিক সন্থা"ৰ অধীনৰ খেলুৱৈসকলৰ এই বিজয়যাত্রা হওঁক অপ্ৰতিৰোধ্য।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *