“কমনৱেলথ গেমছ”ত ৰূপ জিনি গুৱাহাটীত উপস্থিত লাভলীনা বৰগোঁহাই

August 6, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"কমনৱেলথ গেমছ"ত ৰূপ জিনি গুৱাহাটীত উপস্থিত লাভলীনা বৰগোঁহাই ।গুৱাহাটী ছাই কেন্দ্ৰত ৰিঙৰ ৰাণী লাভলীনাক উষ্ম আদৰণি।
ঢোলে-দগৰে আদৰণি "কমনৱেলথ গেমছ"ৰ ৰূপজয়ীক।কেক কাটি বিজয় উদযাপন ছাই কতৃপক্ষৰ।

সদ্যসমাপ্ত "কমনৱেলথ গেমছ"ত ভাৰতীয় বক্সিং দলক প্ৰতিনিধিত্ব কৰি মহিলাৰ ৭৫ কেজি শাখাত অসমকন্যা লাভলীনা বৰগোঁহাই-এ অৰ্জন কৰে ৰূপৰ পদক।নিজা কেৰিয়াৰত পোন প্ৰথমবাৰৰ বাবে "কমনৱেলথ গেমছ"ত পদক লাভ কৰি বুধবাৰে স্বৰ্ভূমিত উপস্থিত হয় তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই।গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে শুভাকাংশীসকলে মাতৃভূমিলৈ উষ্ম আদৰণি জনালে অলিম্পিক পদকজয়ী লাভলীনাক।ইয়াৰ পাছতে লাভলীনা উপস্থিত হয় গুৱাহাটীৰ পল্টনবজাৰস্থিত ছাই কেন্দ্ৰত।গুৱাহাটী ছাই কেন্দ্ৰতো উষ্ম আদৰণি জনালে তাৰকা খেলুৱৈ গৰাকীক।ঢোলে -দগৰে আদৰণি জনালে "কমনৱেলথ গেমছ"ৰ ৰূপজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইক। খেলুৱৈসকলৰ সৈতে কৰমৰ্দন কৰি লাভলীনা প্ৰৱেশ কৰিলে গুৱাহাটী ছাই কেন্দ্ৰত।খেলুৱৈসকলেও চাকি-ধূপ জ্বলাই লাভলীনাক আদৰিলে ছাই কেন্দ্ৰলৈ।গামোচা, ফুলৰ থোপা আৰু মমেন্টৰে সম্ভাষণ জনালে গুৱাহাটী ছাই কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক ডি কে মিট্টালে ।খেলুৱৈসকলৰ সন্মুখত "কমনৱেলথ গেমছ"ৰ ৰোমাঞ্চকৰ অভিজ্ঞতা বৰ্ণণা কৰিলে
লাভলীনাই ।


সম্বৰ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ সৈতে লাভলীনাই কৰিলে মত-বিনিময় ।কেক কাটি লাভলীনাৰ বিজয় উদযাপান কৰিলে গুৱাহাটী ছাই কেন্দ্ৰৰ কতৃপক্ষই।লাভলীনাৰ মুখত কেক সানি আনন্দৰ মুহুৰ্ত ভগাই ল'লে উদিত খেলুৱৈ সকলে।সোণৰ পদক লাভ কৰিব নোৱাৰিলেও ৰূপৰ পদক লাভ কৰি অত্যন্ত সুখী লাভলীনা।কিয়নো "কমনৱেলথ গেমছ"ত লাভলীনাৰ প্ৰথমটো পদক।লাভলীনাৰ পৰৱৰ্তী লক্ষ্য "এছিয়ান গেমছ"।সংবাদমাধ্যমৰ সৈতে হোৱা কথোৱ-কথনত এই কথা জনালে ৰিঙৰ ৰাণী লাভলীনাই।

ইফালে,গ্লাছগোৰ এখন ৰেষ্টুৰেন্টত ব্যৱহাৰ কৰা এখন ফটো আৰু নেপকিনত থকা ভাৰতৰ মেপত উত্তৰ-পূৰ্বাঞ্চলক নেদেখি অসন্তুষ্ট হৈছিল লাভলীনা।ৰেষ্টুৰেন্ট কতৃপক্ষক জবাবদিহি কৰিছিল লাভলীনা বৰগোঁহাই-এ।লাভলীনাৰ প্ৰতিবাদৰ পাছত ৰেষ্টুৰেন্টৰ কতৃপক্ষই ক্ষমা বিচাৰৰ লগতে মেপত সংলগ্ন কৰে উত্তৰ-পূৰ্বাঞ্চল।লাভলীনাৰ সৈতে ৰেষ্টুৰেন্টত ঘটা সমগ্ৰ ঘটনাৱলী কৰিলে অৱগত ।

আনহাতে,উজনি অসমৰ বান সমস্যাক লৈ আবেগিক লাভলীনা।স্বগৃহলৈ বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পৰিকল্পনা লাভলীনাৰ।
বানাক্ৰান্তক কঠীয়া যোগান ধৰাৰ আশা ব্যক্ত কৰে বক্সাৰ গৰাকী-এ।ক্ৰীড়া অনুৰাগীৰ আশা- ক্ৰীড়াঙ্গনত অসমকন্যা লাভলীনাৰ এই যাত্রা হওঁক সূদুৰপ্ৰসাৰী।নতুন প্ৰজন্মৰ খেলুৱৈৰ বাবে সদায়ে প্ৰেৰণা উৎস হৈ ৰওঁক বজ্ৰকন্যা লাভলীনা বৰগোঁহাই।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *