দীপক কুমাৰ দাসৰ প্ৰতিবেদন
নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সভাপতি, কাৰ্যকৰী সভাপতি, অসম অলিম্পিক সন্থাৰ উপ সভাপতি, অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি, অসম এথলেটিকছ সন্থাৰ কোষাধ্যক্ষ, অসম ভলীবল সন্হাৰ কাৰ্যনিৰ্বাহক সদস্য
প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠক আব্দুল গফ্ফাৰ উজ জামানৰ বুধবাৰে (৫আগষ্ট) বুধবাৰে বিয়লি ৩-৩০ বজাত নিজ বাসগৃহত দেহাবসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৭ বছৰ। বহু বছৰ ধৰি তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল। অৱশেষত তেওঁ জীৱন যুদ্ধৰ সৈতে হাৰ মানিবলৈ বাধ্য হ'ল। বৃহস্পতিবাৰে (৬ আগষ্টত) পুৱা দহ বজাত নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ক্ৰীড়া সন্থাৰ বাকৰিত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্ৰ নেতা, সমাজসেৱক সুকুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা এপেস্ক কাউঞ্চিলৰ সদস্য মুকুটানন্দ ভট্টাচাৰ্যই শ্ৰদ্বাঞ্জলী জ্ঞাপন কৰে। নলবাৰী ক্ৰীড়া সন্থাৰ উপ সভাপতি হেমেন্দ্ৰ মহন্ত, মনোজ কুমাৰ চৌধুৰীয়ে তেওঁৰ লগত থকা সান্নিধ্যৰ কথা শ্ৰদ্ধা সহকাৰে স্মৰণ কৰে। উপস্থিত থাকে নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি হৰিশ গোস্বামী, বৰ্ত্তমান সন্হাৰ সহ সম্পাদক প্ৰাৰ্থ প্ৰতীম লহকৰ, ক্ৰিকেট সম্পাদক বিশ্বজিৎ বৰুৱা, ফুটবল সম্পাদক ৰাতুল গোস্বামী, বাস্কেটবল সম্পাদক জয়ন্ত দত্ত, বেডমিন্টন সম্পাদক অমন বৰ্মন, ভলীবল সম্পাদক দেৱজিৎ ডেকা, অসম ফুটবল সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক দিলীপ মেধি, প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কৰুণা বৰ্মন, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ নুৰুল আলম, নলবাৰী ক্ৰীড়া সন্হাৰ ৰেফাৰী বোৰ্ডৰ সভাপতি বীৰেন কুমাৰ শৰ্মা, সম্পাদক গৌতম কলিতা, চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীৰেন কুমাৰ শৰ্মা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্হাৰ উপদেষ্টা অক্ষয় ডেকা নলবাৰী পৌৰ সভাৰ উপ পৌৰপতি ৰবীন দাস আদি বিশিষ্ট ব্যক্তিৰ লগতে নলবাৰী ক্ৰীড়া সন্হাৰ অন্তৰ্গত বিভিন্ন ক্লাৱ, সংঘ, জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰে। নলবাৰী ক্ৰীড়া সন্থাই তিনিদিনীয়া শোক পালন কৰাৰ বাবে বৃহস্পতিবাৰে সন্থাৰ পতাকা অৰ্ধনমিত কৰি ৰাখে। ইয়াৰ পিছত দিনৰ দুই বজাত ৰাজহুৱা কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয়। তেওঁ অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰিছিল। ক্ৰীড়াকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা আব্দুল গফ্ফাৰ উজ জামানে নলবাৰী জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনৰ ক্ৰীড়াৰ উন্নতিৰ হকে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল। ইয়াৰ বাবে তেওঁক চৰকাৰে এককালিন সাহাৰ্য্য দি স্বীকৃতি প্ৰদান কৰিছিল। সৰুৰে পৰাই ক্ৰীড়াৰ লগত জড়িত আছিল তেওঁ। বিশেষকৈ তেওঁ ক্ৰিকেট খেলি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে তেওঁ খেলুৱৈ হিচাপে নহয় এজন সক্ৰিয়-নিষ্ঠাবান ক্ৰীড়া সংগঠক হিচাপে ৰাজ্যৰ ক্ৰীড়া জগতত পৰিচিত আছিল। ১৯৬৪ চনততেওঁ ১৯৯৩-৯৪ চনত পাটিয়ালাত অনুষ্ঠিত ১৬ বছৰ অনুৰ্ধৰ বিজয় মাৰ্চেন্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলৰ মেনেজাৰৰ দায়িত্ব পালন কৰিছিল। উক্ত দলটোৱে চেম্পিয়নৰ খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁৰ মৃত্যুত ভাৰতীয় ক্ৰিকেট সন্থাৰ সচিব দেৱজিৎ লন শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰঙ্গ গগৈ, সাধাৰণ সম্পাদক সনাতন দাসে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অসম ক্ৰিকেট সন্হাৰ পতাকা অৰ্ধনমিত কৰি ৰাখে। নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাধাৰণ সম্পাদক সম্পাদক বুবুল তালুকদাৰে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুৰ সময়ত পত্নী কহিনুৰ বেগম, দুই কণ্যা সহিতে পৰিয়াল, আত্মীয়স্বজন আৰু অনেক গুণমুগ্ধক এৰি থৈ যায়।


0 Comments