জুডো চেম্পিয়নশ্বিপ ২০২৬ঃপদকপ্ৰাপ্ত চতিয়াৰ চেম্পিয়নছ মেকাৰ একাডেমিৰ খেলুৱৈসকলক ৰাজহুৱা সম্বৰ্ধনা

August 8, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ছত্তীশগড়ত অনুষ্ঠিত "চি বি এছ চি ফাৰ ইষ্ট জ’ন জুডো প্ৰতিযোগিতা" ২০২৬ ত চতিয়াস্থিত 'চেম্পিয়নছ মেকাৰ একাডেমি"ৰ খেলুৱৈসকলে চমকপ্ৰদ সফলতা অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল্যৰ পিছতে একাডেমি চৌহদত পদকপ্ৰাপ্ত খেলুৱৈসকলক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত গীতাৰ্থ কলিতা (১৪ বছৰ অনুৰ্ধ, ৪৫ কেজি শাখা)
দেৱানীভ বৰমুদৈ (১৪ বছৰ অনুৰ্ধ, ৫০ কেজি শাখা)ভূমিস্থা দাস (১৭ বছৰ অনুৰ্ধ, ৪৮ কেজি শাখা) স্বৰ্ণ পদক; দেৱৰ্পন মেধি ৰূপৰ পদক; অংশুমান বৰাই ব্ৰঞ্জৰ পদক লাভ কৰে৷

উল্লেখ্য যে,চতিয়া নাগৰিক সভাৰ সভাপতি ভৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা সভাখনত চতিয়া জ্ঞান বিকাশ একাডেমিৰ প্ৰধান শিক্ষয়িত্ৰী বিউটি শইকীয়া আৰু চতিয়া নাগৰিক সভাৰ সম্পাদক বিবেক দুৱৰাই খেলুৱৈসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে।একাডেমিৰ সঞ্চালক তথা প্ৰশিক্ষক হৃদয়ানন্দ দাসে প্ৰশিক্ষণ কেন্দ্ৰটোৰ দীৰ্ঘদিনীয়া যাত্ৰাৰ খতিয়ান দাঙি ধৰি কয় যে, ভৱিষ্যতে এই একাডেমিৰ খেলুৱৈসকলে কমনৱেলথ গেমছত দেশক প্ৰতিনিধিত্ব কৰাটোৱেই তেওঁলোকৰ মূল সপোন।নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কৃতী খেলুৱৈসকলক গামোচা; সম্বৰ্ধনা পত্ৰ; কলম আৰু নগদ ধনেৰে বিশেষভাৱে সন্মানিত কৰে। ইয়াৰ উপৰিও চতিয়া নাগৰিক সভা, চতিয়া বণিক সংস্থা, চতিয়া ক্ৰীড়া সংস্থা, চতিয়া পৌৰসভা, চতিয়া আঞ্চলিক পঞ্চায়ত আৰু চতিয়া জ্ঞান বিকাশ একাডেমিৰ তৰফৰ পৰাও ক্ৰীড়াবিদসকলক আদৰণি জনোৱা হয়।
অনুষ্ঠানত চতিয়া পৌৰসভাৰ পৌৰপতি দ্বিপশিখা সন্দিকৈ, শোণিতপুৰ জিলা পৰিষদৰ উপ-সভাপতি হিতেশ বৰুৱা, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাৰতী দাসকে ধৰি অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ইফালে, যুৱ উদ্যোগী তথা বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নিৰজ নিশিম হাজৰিকাই নিজৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি চেম্পিয়নছ মেকাৰ একাডেমিৰ বাবে আধুনিক জীমৰ সামগ্ৰী আনুষ্ঠানিকভাৱে প্ৰদান কৰে। তেওঁৰ এই বদান্যতাৰ বাবে একাডেমি কৰ্তৃপক্ষই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *