“বাটুমি অপেন ইন্টাৰনেচনেল উশ্বু চেম্পিয়নশ্বিপ”ত অসমৰ খেলুৱৈৰ ৯ টা পদক অৰ্জন

August 8, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

যোৱা ৩০ জুলাইৰ পৰা ৪ আগষ্টলৈ জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত হয় "বাটুমি অপেন ইন্টাৰনেচনেল উশ্বু চেম্পিয়নশ্বিপ" ।এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ খেলুৱৈ-এ লাভ কৰে ৯ টা পদক।ইয়াৰে ৪ টা সোণ,৩ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক ।

ভাৰতক প্ৰতিনিধিত্ব কৰি তাইঝিকোৱোন আৰু তাইজিঝিয়ান দুভেন্টত অসমকন্যা আৰ্হি গোস্বামী-এ অৰ্জন কৰে ২ টাকৈ পদক । সেইদৰে,ট্ৰেডিচনেল কুংফু ইভেন্টত সোণ ,ট্ৰেডিচনেল চৰ্ট ৱ'পেন ইভেন্টত ৰূপ জিনিলে প্ৰিয়ব্ৰত দলৈ-এ।আনহাতে, অসম সন্তান ছনট কুমাৰ দলৈ-এ ট্ৰেডিচনেল কুংফু ইভেন্ট ক্ৰমে উইংচুনত সোণ লাভ কৰাৰ বিপৰীতে "ট্ৰেডিচনেল চৰ্ট ৱ'পেন ইভেন্ট"ত অৰ্জন কৰে ব্ৰঞ্জৰ পদক। তদুপৰি, দীক্ষা তিৱাৰী-এ লাভ কৰে তিনিটা পদক । ইয়াৰে নানকোৱান আৰু নানদাওত এটাকৈ ৰূপ লাভ কৰাৰ বিপৰীতে নানগুন ইভেন্টত অৰ্জন কৰে ব্ৰঞ্জৰ পদক। টাওলুৰ প্ৰশিক্ষক ৰূপে ভাৰতীয় দলটোৰ সৈতে থাকি দায়িত্ব পালন কৰিলে অসমৰ বিশাল বৰুৱাই ।

উল্লেখ্য যে,আৰ্হি গোস্বামী,প্ৰিয়ব্ৰত দলৈ ,ছানট কুমাৰ দলৈ-এ অসম উশ্বু সন্থাৰ অধীনত প্ৰশিক্ষক বিশাল বৰুৱাৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।আনহাতে দীক্ষা তিৱাৰী-এ বিশ্বনাথ জিলাৰ অধীনত প্ৰশিক্ষক পদ্ম জাইৰুৰ পৰা আহৰণ কৰি আছে প্ৰশিক্ষণ । পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ চৌধুৰী,সম্পাদক ৰঞ্জিত বড়ো-এ। প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জনাইছে অসম উশ্বু সন্থাৰ প্ৰচাৰ
সম্পাদক গণেশ শীলে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *