গুৱাহাটীত অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছ,সোমবাৰৰ পৰা মুল ৰাউণ্ডৰ খেল

August 9, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত সোমবাৰৰ পৰা আৰম্ভ হ’ব ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীৰ অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতা৷ সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] ৰ স্বীকৃত ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনৰ যোৱা দুটা দিনত কোৱালিফায়িং ৰাউণ্ডৰ খেলসমুহ অনুষ্ঠিত হৈ যোৱাৰ পাছত সোমবাৰৰ পৰা মুল ৰাউণ্ডৰ মেচ আৰম্ভ হ’ব৷

অসম টেনিছ সন্থাৰ সম্পাদক তথা প্ৰতিযোগিতাৰ সঞ্চালকৰূপে আইটাই দায়িত্ব দিয়া অংকুশ দত্তই জনোৱা অনুসৰি কোৱালিফায়িং ৰাউণ্ডৰ মেচৰ অন্তত অসমৰ কবীৰ নাৰায়ণ ডেকা, সত্যম সিনহা, কৃষৱ দাস, যুৱাঞ্চ কাশ্যপ, ভাৰ্গৱ শইকীয়া আৰু অৰ্থ আগৰৱালাই ১৪ বছৰ অনুৰ্ধৰ ল’ৰাৰ মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে৷

আনহাতে, ১৬ বছৰৰ তলৰ ল’ৰাৰ একক শাখাত চন্দ্ৰ এছ মোহান্তী, ৰেনাৰ্ড কাশ্যপ, প্ৰথম মজুমদাৰ, অনিৰ্বান ডেকা, ঈশানদীপ বড়ো আৰু অয়ান ৰহমানে কোৱালিফায়িং ৰাউণ্ডৰ পৰা মূল ড্ৰ’ত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷

ইফালে, ১৪ বছৰ অনুৰ্ধৰ ছোৱালীৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল অনুষ্ঠিত নহ’ল যদিও অসমৰ মৃগাক্ষী চাংমাই, দেৱাঞ্চী তামুলী, আৰিছা এম চৌধুৰী , মান্যতা প্ৰিয়াদৰ্শিনী আৰু ভাৱ্যশ্ৰী বৰুৱাই ১৬ বছৰ অনুৰ্ধৰ ছোৱালীৰ মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে৷

ল’ৰা-ছোৱালীৰ একক তথা ডাবলছ শাখাৰ মেচ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমুহ সোমবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *