গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ৬ -৯ আগষ্টলৈ ৰাজস্থান জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়াম চুইমিং পুলত অনুষ্ঠিত হয় "৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা" । অসমক প্ৰতিনিধিত্ব কৰি দুৰ্দান্ত প্ৰদৰ্শনেৰে কস্তুৰী গগৈ-এ আজুৰি আনে তিনিটাকৈ স্বৰ্ণ পদক । ১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'কত কস্তুৰী-এ জিনিলে প্ৰথমটো স্বৰ্ণ পদক ।১:১৬.৮২ ছেকেণ্ডেৰে এই সাফল্য অৰ্জন কৰে কস্তুৰী-এ। সেইদৰে,২০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'কতো কস্তুৰী-এ অৰ্জন কৰে দ্বিতীয়টো স্বৰ্ণ । ২:৪৭ .৩২ ছেকেণ্ড সময়েৰে কস্তুৰী-এ ৰাজ্যক উপহাৰ দিয়ে দ্বিতীয়টো স্বৰ্ণ। আনহাতে প্ৰতিযোগিতাৰ অন্তিমদিনা দেওবাৰে ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'কত কস্তুৰী গগৈ-এ লা তৃতীয়টো স্বৰ্ণ পদক।৩৫:৫৭ ছেকেণ্ড সময়ৰে এই সফলতা লাভ কৰে সাঁতোৰবিদ গৰাকী-এ। তিনিটাকৈ সোণজয়ী কস্তুৰী গগৈ-এ সৰুসজাইৰ চুইমিং পুলত প্ৰশিক্ষক বাবুল গুৰুঙৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । গল্ডেন গাৰ্ল কস্তুৰী গগৈক শুভকামনা জনাইছে অসম সাতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে।


0 Comments