ডুৰাণ্ড কাপ ফুটবলত মোহন বাগানৰ জয়,মংগলবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্ৰুপ মেচ

August 10, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত মংগলবাৰে অন্তিমখন গ্ৰুপ মেচত অবতীৰ্ণ হ’ব৷ গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘এফ’ৰ পঞ্চম মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতিদ্বন্দ্বী জন্মু-কাশ্মীৰৰ দল এফ চি ওৱান৷

উল্লেখ্য যে বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইতিমধ্যে প্ৰতিযোগিতাত ৰাজকীয় অভিযান আৰম্ভ কৰি প্ৰথম দুখন মেচত জয়লাভ কৰিছে৷ প্ৰথম মেচত বড়োলেণ্ড এফ চিক ৬-০ গলত পৰাস্ত কৰা দলে দ্বিতীয় মেচখন মেচত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৪-১ গলত পৰাস্ত কৰিছিল৷ দুখন মেচত বিপক্ষক ১০ টা গল দিয়া জুৱান পেড্ৰ বেনানিৰ দলে মাত্ৰ এটা গলহে হজম কৰিছে৷

পৰিসংখ্যা অনুসৰি ইতিমধ্যে নৰ্থ ইষ্ট ইউনাইটেডে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে যদিও দলে নিজৰ অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰখাৰ লক্ষ্যৰে মংগলবাৰৰ মেচতো বিপক্ষক কোনো কাৰণতে মৰমৰ দৃষ্টিৰে নাচায়৷ দলৰ মৰক্কোৰ তাৰকা ষ্টাইকাৰ আজাৰায়ে ইতিমধ্যে হৈ যোৱা দুখন মেচত হেট্ৰিকসহ ৫ টাকৈ গল কৰিছে৷ শক্তিৰ তুলনামূলক দৃষ্টিৰে মংগলবাৰৰ মেচতো নৰ্থ ইষ্ট ইউনাইটেডে ফেভাৰিট৷

ইফালে, এফ চি ওৱান দলে ডুৰাণ্ড কাপৰ অভিষেক মেচতে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে জয় অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও দ্বিতীয় মেচত দল বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে পৰাস্ত হয়৷মংগলবাৰে অন্তিম গ্ৰুপ মেচ দলৰ বাবে মৰণপণ৷

ইফালে, ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ সোমবাৰে কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ অন্তিম মেচখনত মোহন বাগানে ৬-০ গলত চি আই এছ এফ প্ৰ’টেকটৰ্ছক পৰাস্ত কৰি গ্ৰুপত শীৰ্ষস্থান তথা অপৰাজেয় হৈ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে৷ দলৰ হৈ আব্দুল ছামাদে [১৭, ১৯, ৩৭ মিনিট] হেট্ৰিক অৰ্জন কৰা বিপৰীতে মনবীৰ সিং, মেকলাৰেণ আৰু অভিষেক সিঙে এটাকৈ গল দিয়ে৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *