গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা"ত অসমৰ সাফল্য।কস্তুৰীৰ গগৈৰ ৩ টা সোণ অৰ্জন।অভিজ্ঞান মোহনৰ ব্ৰঞ্জজয়।হৃদস্পদন শৰ্মাৰ ব্ৰঞ্জ দখল।অসম সাঁতোৰ সংস্থাৰ শুভেচ্ছা।
যোৱা ৬ আগষ্টৰ পৰা ৯ আগষ্টলৈ ৰাজস্থানৰ জয়পুৰস্থিত ছাৱাই মানসিং ষ্টেডিয়ামৰ চুইমিং পুলত অনুষ্ঠিত হয় "৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা" । ৰাজ্যক প্ৰতিনিধিত্ব কৰি ৫ টাকৈ পদকৰ উপহাৰ দিলে অসমৰ সাঁতোৰবিদে।ইয়াৰে ৩ টা সোণ আৰু ২ টা ব্ৰঞ্জৰ পদক।
দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমকন্যা কস্তুৰী গগৈ-এ আজুৰি আনে তিনিটাকৈ স্বৰ্ণ পদক । ১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'কত কস্তুৰী-এ জিনিলে প্ৰথমটো স্বৰ্ণ পদক ।১:১৬.৮২ ছেকেণ্ডেৰে এই সাফল্য অৰ্জন কৰে কস্তুৰী-এ। সেইদৰে,২০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'কতো কস্তুৰী-এ অৰ্জন কৰে দ্বিতীয়টো স্বৰ্ণ ।
২:৪৭ .৩২ ছেকেণ্ড সময়েৰে কস্তুৰী-এ ৰাজ্যক উপহাৰ দিয়ে দ্বিতীয়টো স্বৰ্ণ। আনহাতে প্ৰতিযোগিতাৰ অন্তিমদিনা দেওবাৰে ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'কত কস্তুৰী গগৈ-এ লা তৃতীয়টো স্বৰ্ণ পদক।৩৫:৫৭ ছেকেণ্ড সময়ৰে এই সফলতা লাভ কৰে সাঁতোৰবিদ গৰাকী-এ। তিনিটাকৈ সোণজয়ী কস্তুৰী গগৈ-এ সৰুসজাইৰ চুইমিং পুলত প্ৰশিক্ষক বাবুল গুৰুঙৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।
তদুপৰি ল'ৰাৰ গ্ৰুপ ২ ৰ ১০০ মিটাৰ বাটাৰ ফ্লাইত ব্ৰঞ্জ পদক দখলেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অভিজ্ঞান মোহনে।
আনহাতে, ল'ৰাৰ গ্ৰুপ ২ ৰ ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'কত হৃদস্পন্দন শৰ্মাই আজুৰি আনিলে ব্ৰঞ্জৰ পদক।খেলুৱৈ গৰাকী-এ ৩২.০৮ ছেকেণ্ডেৰে লাভ কৰে এই সফলতা।পদকজয়ী খেলুৱৈসকলক শুভকামনা জনাইছে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে।
উল্লেখ্য যে, অসম সাঁতোৰ দলৰ প্ৰশিক্ষক আছিল জেমছ মৰাণ।আনহাতে,দলৰ
মেনেজাৰৰ ভূমিকা কৰিলে নৱ গগৈ-এ।টেকনিকেল অফিচিয়েল ৰূপে দায়িত্ব পালন কৰিলে চন্দন জ্যোতি ফুকণ,কল্যাণ কিশোৰ কাশ্যপ আৰু শান্তুনু কৌশিক বৰুৱাই।


0 Comments