ডুৰাণ্ড কাপ ফুটবল,অপৰাজেয় হৈ গ্ৰুপত শীৰ্ষ থাকি কোৱাৰ্টাৰলৈ নৰ্থ ইষ্ট ইউনাইটেড

August 11, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম সন্তান পাৰ্থিৱ গগৈৰ দুগলৰ সহায়ত প্ৰত্যাশিতভাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আই এছ এলৰ দলটোৰে মংগলবাৰৰ অন্তিমখন গ্ৰুপ মেচতো সহজ জয় অৰ্জন কৰি অপৰাজেয় হৈ গ্ৰুপত শীৰ্ষস্থানত থাকি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়৷

গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ পঞ্চম মেচখনত নৰ্থ ইষ্ট ইউনাইটেডে প্ৰতিদ্বন্দ্বী জন্মু-কাশ্মীৰৰ দল এফ চি ওৱানক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ অসম সন্তান পাৰ্থিৱ গগৈয়ে দুটা গল দিয়াৰ বিপৰীতে এটা গল কৰে তাৰকা আলাদিন আজাৰয়ে৷

উল্লেখ্য যে বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইতিমধ্যে প্ৰথম দুখন মেচত জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছিল৷ মংগলবাৰে দলৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালীয়ে আৰম্ভণিৰ পৰাই পাৰ্থিৱক খেলাৰ সুযোগ দিয়ে৷ খেলৰ ১১ মিনিটতে পাৰ্থিবে প্ৰথমটো গল কৰি বিৰতিলৈ দলক আগুৱাই ৰাখে৷

দ্বিতীয়াৰ্ধৰ আৰম্ভণিত পুনৰ পাৰ্থিবে ৫৪ মিনিটত গল কৰি ব্যৱধান ২-০ কৰে৷ আনহাতে, মৰক্কোৰ তাৰকা ষ্টাইকাৰ আজাৰাই ৬৮ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ তৃতীয়টো গল কৰে৷ বিপৰীতে এফ চি ওৱানৰ মহম্মদ ইলিয়াছে ৭১ মিনিটত এটা গল কৰি ব্যৱধান হ্ৰাস কৰে৷ ইয়াৰপূৰ্বে প্ৰথম মেচত বড়োলেণ্ড এফ চিক ৬-০ গলত পৰাস্ত কৰা নৰ্থ ইষ্ট দলে দ্বিতীয় মেচখন মেচত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৪-১ গলত পৰাস্ত কৰিছিল৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *