“অসম অপেন ৰেংকিং জু-জিৎসু চেম্পিয়নশ্বিপ-২০২৬”ৰ সফল সামৰণি

August 12, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"অসম অপেন ৰেংকিং জু-জিৎসু চেম্পিয়নশ্বিপ-২০২৬"।প্ৰায় ৩৪০ গৰাকী জু-জিৎসু খেলুৱৈৰ অংশগ্ৰহণ। শোণিতপুৰ জিলালৈ শ্ৰেষ্ঠ দলৰ সন্মান। কামৰূপ মেট্ৰ-এ অৰ্জন কৰে ৰাৰ্ণাছ আপৰ সন্মান।

যোৱা ৯ আগষ্টত জু-জিৎসু এছচিয়েচন অৱ আছামৰ উদ্যোগত তথা গ্ৰেটাৰ নগাঁও জু-জিৎসু এছচিয়েচনৰ আতিথ্যত এদিনীয়াকৈ অনুষ্ঠিত হয় "অসম অপেন ৰেংকিং জু-জিৎসু চেম্পিয়নশ্বিপ-২০২৬"।নগাঁৱত অনুষ্ঠিত এই ৰেংকিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে জু-জিৎসু এছচিয়েচন অৱ আছামৰ স্বীকৃতিপ্ৰাপ্ত মুঠ ১৩ খন জিলাই।ক্ৰীড়াঙ্গনত সমাবেশ ঘটিল প্ৰায় ৩৪০ গৰাকী জু-জিৎসু খেলুৱৈৰ।নি-ৱাজা, ফাইটিং চিচটেম,কন্টেক চিচটেম আদি ইভেন্টত বিভিন্ন বয়স গোটৰ খেলুৱৈ অৱৰ্তীণ হ'ল শ্ৰেষ্ঠত্বৰ যুঁজত।

প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গ্ৰেটাৰ নগাওঁ জু-জিৎসু এছচিয়েচনৰ সভাপতি ব্ৰজেন কাকতি,সাধাৰণ সম্পাদক ৰিকু কটকী ,শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

প্ৰতিযোগিতাৰ সামগ্ৰিক ফলাফলত শোণিতপুৰ জিলাই সৰ্বাধিক ৪২ টা সোণ দখলেৰে অৰ্জন কৰে শ্ৰেষ্ঠ দলৰ সন্মান।আনহাতে,৩২ টা সোণৰ পদকেৰে "ৰাৰ্ণাছ আপ"ৰ সন্মান আজুৰি আনে কামৰূপ মেট্ৰই ।পদকজয়ী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে জু-জিৎসু এছচিয়েচন অৱ আছামৰ সভাপতি তথা বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাই ।এই ৰেংকিং প্ৰতিযোগিতাৰ জৰিয়তে সৰ্বোচ্চ স্থান লাভ কৰা খেলুৱৈসকলে আগন্তুক "নেচনেল চেম্পিয়নশ্বিপ"ত অসম দলক কৰিব প্ৰতিনিধিত্ব।
এই কথা জনালে জু-জিৎসু এছচিয়েচন অৱ আছামৰ সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ চাও-এ।

ইফালে,প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈ,প্ৰশিক্ষক ,টেকনিকেল অফিচিয়েল ,জিলা সংস্থা,স্বেচ্ছাসেৱক ,অভিভাৱকৰ উপৰি গ্ৰেটাৰ নগাওঁ জু-জিৎসু এছচিয়েচনৰ বিষয়-ববীয়াক ধন্যবাদসহ কৃতজ্ঞতা জনালে জু-জিৎসু এছচিয়েচন অৱ আছামে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *