অসম প্ৰিমিয়াৰ লীগ,গুৱাহাটী ৰয়েলছক হৰুৱাই তৃতীয় স্থানলৈ উত্তৰণ বৰপেটা ব্ৰেভছৰ

August 13, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অধিনায়ক ডেনিছ দাসৰ অনবদ্য অৰ্ধশতকৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ এখন চাপৰ মেচত গুৱাহাটী ৰয়েলছক চাৰি উইকেটত পৰাস্ত কৰি আঠ পইণ্টৰে তালিকাৰ তৃতীয় স্থানলৈ উত্তৰণ কৰিছে৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত মেচখনত ১৩৭ ৰাণৰ বিজয়লক্ষ্য ব্ৰেভছে ১৯.৪ অভাৰত ছটা উইকেট হেৰুৱাই পূৰ্ণ কৰে৷

উল্লেখ্য যে লীগত তৃতীয়টো অৰ্ধশতক কৰা ডেনিছে ৫২ ৰাণৰ দৃঢ়তাপূৰ্ণ ইনিংছ খেলি দলক চাপৰ মেচত গুৰুত্বপূৰ্ণ জয় দিয়ে৷ প্ৰথম অভাৰতে উইকেট হেৰুওৱা বৰপেটাৰ ইনিংছ প্ৰথমে গঢ় দিছিল প্ৰাঞ্জল পল [২৪] আৰু সৌৰভ দিহিঙিয়াই [২৩] ৩৩ ৰাণৰ যুটিৰে৷ তাৰপাছত উইকেটলৈ অহা ডেনিছে প্ৰাঞ্জলৰ লগত ৪২ আৰু অভিলাস মৌড়িয়া [১৯] ৰ লগত নিৰ্ণায়ক ৪৩ ৰাণৰ যুটি বান্ধি ব্ৰেভছক বিজয়লক্ষ্যত উপনিত কৰায়৷ ৰয়েলছৰ দীপক গোঁহায়ে দুটা উইকেট পায়৷

ইয়াৰপূৰ্বে টছত জয় হৈ ব্ৰেভছৰ অধিনায়ক ডেনিছে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ অন্তিম মেচত বেটিং বিক্ৰম প্ৰদৰ্শন কৰা ৰয়েলছে আজি প্ৰথম অভাৰতে বিস্ফোৰক বেটাৰ ৰোহিত সেন [৫] ৰ উইকেটতো হেৰুৱায়৷ পাৱাৰ প্লে’ৰ অন্তিম বলত দলৰ আনজন অপেনাৰ সঞ্জয় কুমাৰো [১৭] আউট হয়৷

কিন্তু অধিনায়ক ঋষভ দাসে ৩৯ আৰু নিবিৰ ডেকাই ৩৩ ৰাণ কৰি ৰয়েলছৰ দলীয় শতক পূৰ্ণ কৰে৷ ২০ অভাৰত ছয় উইকেট হেৰুৱাই ১৩৬ ৰাণত ইনিংছ সামৰে ৰয়েলছে৷ ব্ৰেভছৰ হৈ শুভম গুপ্তাই দুটা উইকেট লাভ কৰে৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ কাইলৈ দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত তালিকাৰ অন্তিম দুটা স্থানত থকা তেজপুৰ টাইটানছ আৰু নগাঁও ৰেঞ্জাৰ্ছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছে বৰাক লিজেণ্ডছৰ বিৰুদ্ধে খেলিব৷

সংক্ষিপ্ত স্ক’ৰঃ
বৰপেটা ব্ৰেভছে চাৰি উইকেটত পৰাস্ত কৰে গুৱাহাটী ৰয়েলছক

গুৱাহাটী ৰয়েলছঃ ২০ অভাৰত ১৩৬-৬ [ঋষভ দাস ৩৯, নিবিৰ ডেকা ৩৩ ; শুভম গুপ্তা ২৬-২]৷

বৰপেটা ব্ৰেভছঃ ১৯.৪ অভাৰত ১৩৭-৬ [ডেনিছ দাস ৫২, প্ৰাঞ্জল পল ২৪, সৌৰভ দিহিঙিয়া ২৩, অভিলাস মৌড়িয়া ১৯ ; দীপক গোঁহাই ১৮-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *