অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছঃঅসমৰ নিব্ৰাছ হুছেইনৰ ত্ৰিমুকুট অৰ্জন

August 14, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় ৰেংকিং টেনিছ প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শন কৰি ত্ৰিমুকুট অৰ্জন কৰিছে৷ নিব্ৰাছে ল’ৰাৰ ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ এককৰ খিতাপ দখল কৰাৰ লগতে মহাৰাষ্ট্ৰৰ প্ৰনৱ গাইকোৱাডৰ লগত যুটি বান্ধি ১৬ অনুৰ্ধৰ ডাবলছৰ খিতাপো লাভ কৰে৷

সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] ৰ স্বীকৃত প্ৰতিযোগিতাখনৰ শুক্ৰবাৰে হোৱা ১৬ বছৰ অনুৰ্ধৰ ফাইনেলত চতুৰ্থ বাচনিৰ নিব্ৰাছে ০-৬, ৬-১, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে অসমৰে চান্দোগ্য টি পাঠকক৷ আনহাতে, ১৪ অনুৰ্ধৰ ফাইনেলত নিব্ৰাছে তেওঁৰ ডাবলছ সংগী মহাৰাষ্ট্ৰৰ প্ৰনৱ গাইকোৱাডক ৬-২, ০-৬, ৭-৬ [৪] ৰ ব্যৱধানত পৰাস্ত কৰে৷ ইফালে, ১৬ অনূধ্বৰ্ৰ ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেলত নিব্ৰাছ-প্ৰনৱ যুটিয়ে বংগৰ হাবিছ-প্ৰিয়দৰ্শন যুটিৰ বিৰুদ্ধে ৭-৫, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত জয়লাভ কৰে৷

ইফালে, ছোৱালীৰ ১৬ বছৰ অনুৰ্ধৰ এককৰ ফাইনেলত অসমৰ মৃগাক্ষী চাংমাইক পৰাস্ত কৰি বংগৰ ইভানা আৰোৰা চেম্পিয়ন হয়৷ ব্যৱধান ৬-১, ৬-১৷ আনহাতে ছোৱালীৰ ১৪ বছৰ অনুৰ্ধৰ এককত বংগৰ ছানভি বাসুক ৬-১, ৬-১ ত পৰাস্ত কৰি মহাৰাষ্ট্ৰৰ তৃষা ভোচলে খিতাপ জয় কৰে৷

ইফালে, ১৪ অনুৰ্ধৰ ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেলত অসমৰ অনিৰ্বান ডেকা আৰু প্ৰথম মজুমদাৰ যুটিক পৰাস্ত কৰি খিতাপ জয় কৰে ৰাজ্যৰে আয়ান ৰহমান আৰু আৰিয়ান ভড়ালীয়ে৷ ব্যৱধান হ’ল ৬-৪, ৬-১৷ আনহাতে, ১৬ অনূধ্বৰ্ৰ ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেলত অসমৰ ফাগুন জ্যোতি আৰু তেওঁৰ বংগৰ সংগী ইভানাক ৬-১, ৬-০ ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ জয় কৰে মধ্য প্ৰদেশৰ বৈদেশী আৰু মহাৰাষ্ট্ৰৰ তৃষাই৷

খেলৰ অন্তত বঁটাসমুহ প্ৰদান কৰে অসম টেনিছ সন্থাৰ সম্পাদক তথা প্ৰতিযোগিতাৰ সঞ্চালক অংকুশ দত্ত আৰু যুটীয়া সম্পাদক দিগন্তজ্যোতি গগৈয়ে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *