ডুৰাণ্ড কাপৰ ছেমিফাইনেলত এছ চি দিল্লী,সোমবাৰে ছিলঙৰ কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড-ছিলং লাজং এফ চি

August 16, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ সোমবাৰে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত স্থানীয় দল ছিলং লাজং এফ চিৰ বিৰুদ্ধে খেলিব৷ নিশা ৭ বজাত এই মেচখন অনুষ্ঠিত হ’ব৷

গুৱাহাটীত গ্ৰুপ মেচ খেলা নৰ্থ ইষ্ট ইউনাইটেডে ৯ পইণ্টৰে শীৰ্ষ স্থান অৰ্জন কৰি নকআউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিছে৷ গ্ৰুপ এফৰ তিনিওখন মেচতে জয়লাভ কৰা দলে দমনীয় প্ৰদৰ্শন কৰি মুঠ ১৩টা গ’ল দিয়াৰ বিপৰীতে বিপক্ষৰ মাত্ৰ দুটা গ’ল খাইছে৷ সেয়ে সোমবাৰৰ মেচলৈও মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালি নিজৰ ৰণনীতি তথা দলৰ খেলুৱৈৰ প্ৰদৰ্শনক লৈ আত্মবিশাসী৷

ইফালে, শ্বিলঙত গ্ৰুপ মেচ খেলা ছিলং লাজং এফ চি দলেও তিনিখন মেচৰ পৰা ৭ পইণ্ট লাভ কৰি শীৰ্ষস্থান দখল কৰিছিল৷ নংকচেহ এছ এছ এণ্ড চি চি আৰু মুম্বাই এফ চিৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত দলে লেংছনিং এফ চিৰ বিৰুদ্ধে নাটকীয়ভাৱে ড্ৰ’ হৈ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷

শ্বিলং লাজং এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ মুখামুখিৰ ফলাফল এতিয়ালৈকে একপক্ষীয়৷ যোৱা বছৰৰ গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে ২-১ গ’লত জয়লাভ কৰাৰ লগতে ছেমি ফাইনেলতো শ্বিলঙতে একমাত্ৰ গ’লত লাজঙক পৰাস্ত কৰিছিল৷ ডুৰাণ্ড কাপৰ পূৰ্বৰ চাৰিখন খেলত নৰ্থ ইষ্ট ইউনাইটেডেই ছিলঙৰ দলটোৰ বিৰুদ্ধে জয়লাভ কৰিছে৷

ইফালে, দেওবাৰে ৰাঁচিৰ বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এছ চি দিল্লীয়ে মনিপুৰৰ ক্লাব এফ চি ৰেংডাইৰ বিৰুদ্ধে ৬-১ গ’লত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ খেলৰ ন মিনিটত ৰেংডায়ে গল দি বিৰতিলৈ আগবাঢ়ি আছিল যদিও দিল্লীয়ে দ্বিতীয়াৰ্ধত শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ছটা গল দিয়ে৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *