গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
তাৰকা ষ্ট্ৰাইকাৰ আজাৰাইৰ হেট্ৰিকৰে বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷সোমবাৰে নিশা শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত দলে স্থানীয় দল শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে ৫-২ গলত জয়লাভ কৰে৷
খেলৰ ১১ মিনিটত আজাৰাইৰ গ’লেৰে নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমে অগ্ৰগতি লয় যদিও লাজং এফ চিয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰে৷ ২০ মিনিটত ফিগো ছিনডাই গল কৰি মেচত সমতা স্থাপন কৰাৰ পাছত লাজঙৰ হৈ ৩৪ মিনিটত ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ জোটা ভিক্টৰে গল কৰি বিৰতিলৈ দলক ২-১ ত আগুৱাই ৰাখে৷
কিন্তু দ্বিতীয়াৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে চাৰিটা গল কৰি হেলাৰঙে ছেমিফাইনেলত স্থান নিশ্চিত কৰে৷ ৫৫ মিনিটত ইথিয়ানে গল কৰি ব্যৱধান ২-২ কৰাৰ পাছত আজাৰায়ে ৫৮ আৰু ৬৯ মিনিটত দুটা গল কৰি হেট্ৰিক অৰ্জন কৰে৷ ইয়াৰপূৰ্বে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধেও প্ৰত্যাৱৰ্তন মেচত মৰক্কোৰ তাৰকাজনে হেট্ৰিক কৰিছিল৷ দলৰ হৈ অন্তিমটো গল ৭৯ মিনিটত দিয়ে যিতিনে৷
ইফালে, সোমবাৰে কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত সৰ্বাধিক ১৭ বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰা মোহন বাগানে টাইব্ৰেকাৰত জামছেদপুৰ এফ চিক ৯-৮ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ নিৰ্ধাৰিত সময়ত মেচখন ১-১ গ’লত অমিমাংসিত হৈছিল৷ মেচত মোহন বাগানৰ হৈ ছাহাল আব্দুল ছামাদে গল কৰাৰ বিপৰীতে জামছেদপুৰৰ হৈ দেবেন্দ্ৰই গল কৰে৷
ইতিমধ্যে প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এছ চি দিল্লীয়ে মনিপুৰৰ ক্লাব এফ চি ৰেংডাইৰ বিৰুদ্ধে জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, ১৬ বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰা কলকাতাৰ ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাক হৰুৱাই অন্তিম চাৰিত স্থান নিশ্চিত কৰিছে৷
উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷


0 Comments