অসম প্ৰিমিয়াৰ লীগ:চৰাইদেউ ছানৰাইজাৰ্ছ পৰাস্ত, চতুৰ্থ দলৰূপে ছেমিফাইনেলত বৰাক লিজেণ্ডছ

August 19, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ বুধবাৰে হোৱা দিনটোৰ প্ৰথমখন মেচত গুৱাহাটী ৰয়েলছে ৩০ ৰাণত পৰাস্ত কৰে চৰাইদেউ ছানৰাইজাৰ্ছক৷ ছেমিফাইনেলৰ আশা সজীৱৰ বাবে ছানৰাইজাৰ্ছৰ সন্মুখত এই মেচত জয়লাভ কৰাৰ বাদে আন বিকল্প নাছিল৷ কিন্তু দেল দুই পইণ্ট অৰ্জনত ব্যৰ্থ হোৱাত এ পি এলত চতুৰ্থটো দলৰূপে ছেমিফাইনেলত প্ৰৱেশ কৰিলে বৰাক লিজেণ্ডছে৷

১৮৩ ৰাণৰ বিজয়লক্ষ্য লৈ বেটিং কৰা ছানৰাইজাৰ্ছৰ কোনো এগৰাকী বেটাৰে উইকেটত দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰু দল ১৭.৩ অভাৰত ১৫২ ৰাণত অলআউট হয়৷ হৃষিকেশ তামুলী আৰু মানসজ্যোতি গগৈয়ে ৩২ ৰাণকৈ তথা সৌম্য কান্তি পলে ২৩ ৰাণ কৰে৷ ৰয়েলছৰ হৈ বাস্তব ৰয়ে ২১ ৰাণত চাৰিটা উইকেট পায়৷ লীগত ১৯ উইকেটৰে শীৰ্ষত আছে বাস্তব৷ দীপক গোঁহাই আৰু ৰূপেশ চেত্ৰীয়ে দুটাকৈ উইকেট দখল কৰে৷

ইয়াৰপূৰ্বে পোনতে বেটিং কৰি ৰোহিত সেনৰ বিস্ফোৰক ৯৬ ৰাণৰ সহায়ত গুৱাহাটী ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত পাঁচ উইকেট হেৰুৱাই ১৮২ ৰাণ কৰে৷ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে খেলা লীগৰ পূৰ্বৰ মেচখনৰ দৰেই আজিও যুৱ অপেনাৰজনে আৰম্ভণিৰ পৰাই নিৰ্ভয়ে খেলি প্ৰতিজন বলাৰকে নিৰ্দয় প্ৰহাৰ কৰে৷ ৫৭ বলৰ সন্মুখিন হৈ আঠটা ছিক্সাৰ মৰা উইকেটৰক্ষক বেটাৰজনে কিন্তু পুনৰ চাৰি ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হয়৷

সঞ্জয় সিঙৰ [৯] লগত ইনিংছ মুকলি কৰা ৰোহিতে অপেনিঙত ৩৮, ঋষভ দাসৰ [২১] লগত ৩৩ আৰু নিবিৰ ডেকাৰ [৩০] লগত দ্বিতীয় উইকেটত ৮৮ ৰাণৰ যুটি বান্ধি ঋষভ দীপকৰ বলত আউট হয়৷ ছানৰাইজাৰ্ছৰ একমাত্ৰ সফল বলাৰ দীপকে ৩৪ ৰাণত তিনিটা উইকেট পায়৷

সংক্ষিপ্ত স্ক’ৰঃ
গুৱাহাটী ৰয়েলছে ৩০ ৰাণত পৰাস্ত কৰে চৰাইদেউ ছানৰাইজাৰ্ছক

গুৱাহাটী ৰয়েলছঃ ২০ অভাৰত ১৮২-৫ [ৰোহিত সেন ৯৬, নিবিৰ ডেকা ৩০, ঋষভ দাস ২১, গুঞ্জন ডেকা অপঃ১৯ ; ঋষভ দীপক ৩৪-৩, অম্লানজ্যোতি দাস ১৯-১]৷

চৰাইদেউ ছানৰাইজাৰ্ছঃ ১৭.৩ অভাৰত ১৫২-১০ [হৃষিকেশ তামুলী ৩২, মানসজ্যোতি গগৈ ৩২, সৌম্য কান্তি পল ২৩ ; বাস্তৱ ৰয় ২১-৪, ৰূপেশ চেত্ৰী ২৭-২, দীপক গোঁহাই ২৭-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *