গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ বৃহস্পতিবাৰে হ’বলগা দ্বিতীয়খন ছেমিফাইনেলত যোৱা দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে অভিলেখ সংখ্যক ১৭ বাৰ "ডুৰাণ্ড কাপ"ৰ খিতাপ দখল কৰা কলকাতাৰ মোহন বাগান ছুপাৰ জায়েণ্ট দলৰ বিৰুদ্ধে খেলিব৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত নিশা ৭ বজাত এই হাইভ’ল্টেজ মেচখন অনুষ্ঠিত হ’ব৷
উল্লেখ্য যে তিনি বছৰ পূৰ্বে কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত মোহন বাগান ছুপাৰ জায়েণ্ট দলকে পৰাস্ত কৰি নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় স্তৰৰ প্ৰথমটো গৌৰৱ ঐতিহাসিক ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিছিল৷ সেই সাফল্যৰ পৰাই দলৰ গৌৰৱময় যাত্ৰা "ডুৰাণ্ড কাপ"ত অনিৰুদ্ধ গতিত চলি আছে৷
অপৰাজিত নৰ্থ ইষ্ট ইউনাইটেডে শ্বিলঙত হোৱা কোৱাৰ্টাৰ ফাইনেলত পিছ পৰি থকাৰ পাছতো তাৰকা ষ্ট্ৰাইকাৰ আলাইদিন আজাৰাইৰ হেট্ৰিকৰে স্থানীয় দল শ্বিলং লাজং এফ চিক ৫-২ গলত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ ক্ৰমাগত চতুৰ্থবাৰ ঐতিহাসিক "ডুৰাণ্ড কাপ"ৰ ছেমিফাইনেল খেলিব লগা নৰ্থ ইষ্ট ইউনাইটেডে প্ৰতিযোগিতাৰ খিতাপ জয়ৰ হেট্ৰিক অৰ্জনৰ লক্ষ্য পূৰ্ণ কৰিবলৈ আৰু দুখন মেচত জয় প্ৰয়োজন৷
মেচৰ পৰ্বে বুধবাৰে সংবাদমেলত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে কয় "মেচ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ একে কথা মোহন বাগানৰ বাবেও৷ প্ৰত্যাশিত ফল পোৱাটো দুয়োটা দলৰ বাবে সহজ নহ’ব৷ আমি এনে এটা প্ৰতিদ্বন্দ্বী লাভ কৰিছো যত, তেওঁলোকৰ ঘৰুৱা প্ৰায় সকলো খেলুৱৈয়েই ৰাষ্ট্ৰীয় দলৰ নিয়মীয়া খেলুৱৈ৷ অতি প্ৰতিভাৱান বিদেশী খেলুৱৈ আৰু এজন সুদক্ষ প্ৰশিক্ষকৰ অধীনত দলটো আগবাঢ়িছে৷"
উল্লেখ্য যে, নৰ্থ ইষ্ট ইউনাইটেডৰ সফলতা নিৰ্ভৰ কৰিব আজাইৰায়ে কৰা প্ৰদৰ্শনৰ ওপৰত৷ ইতিমধ্যে দুটা হেট্ৰিক অৰ্জন কৰি শীৰ্ষত আছে তাৰকা ষ্ট্ৰাইকাৰজন৷ শ্বিলঙৰ পূৰ্বে গুৱাহাটীত বড়োলেণ্ড এফ চিৰ বিৰুদ্ধেও প্ৰত্যাৱৰ্তন মেচত মৰক্কোৰ তাৰকাজনে হেট্ৰিক কৰিছিল৷
ইফালে, মোহন বাগানে লীগ মেচত চমক দিলেও কোৱাৰ্টাৰ ফাইনেলত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ সন্মুখীন হয়৷ টাইব্ৰেকাৰত মেচ জয় কৰি শ্বিলঙলৈ আহিছে আই এছ এলৰ পূৰ্বৰ চেম্পিয়ন দলটো৷ দলৰ নৱনিযুক্ত মুখ্য প্ৰশিক্ষক পানাজিঅ’টিছ ডিলম্পেৰিছে বুধবাৰে সংবাদমেলত কয়- "বেনালী মোৰ এজন ভাল বন্ধু, কিন্তু খেলপথাৰৰ ভিতৰত কোনো বন্ধু নাই৷ তেওঁ এজন অতি ভাল দলক নেতৃত্ব দিয়া ডাঙৰ প্ৰশিক্ষক৷"
উল্লেখ্য যে, মোহন বাগান আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ এতিয়ালৈকে ১৩ খন মেচত মখামুখি হৈছে৷ ইয়াৰে মোহন বাগানে দহ বাৰ বিজয়ী হোৱাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেড দুখনত জয় আৰু এখন ড্ৰ’ৰ খেলিছে৷ ইতিহাস আছে মোহন বাগানৰ পক্ষত৷ কিন্তু নৰ্থ ইষ্ট ইউনাইটেড বৰ্তমানৰ শক্তি৷
উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন প্ত’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷


0 Comments