গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ভাৰতৰ মহিলা ডাবলছ যুটি গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলীয়ে চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলা ডাবলছ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ প্ৰতিযোগিতাৰ শনিবাৰে হোৱা ছেমিফাইনেলত শীৰ্ষ বাচনিৰ লিউ শ্বেং ছু আৰু টান নিঙৰ বিৰুদ্ধে তিনিটা ছেটৰ অন্তত ১৮-২১, ২১-১৩, ২১-৮ ৰ ব্যৱধানত পৰাস্ত ইতিমধ্যে ইতিহাস গঢ়া দুই ভাৰত কন্যা তৃষা-গায়ত্ৰী৷
উল্লেখ্য যে শনিবাৰে ছেমিফাইনেলত চীনৰ যুটিটোৰ জয় প্ৰত্যাশিত আছিল যদিও ভাৰতৰ তৃষা আৰু গায়ত্ৰীয়ে পুনৰ চমক সৃষ্টিৰে অনবদ্য খেল খেলি প্ৰতিভাৰ পৰিচল দিয়ে৷ বিশ্বৰ এক নম্বৰ মহিলা যুটিটোৱে বাচনি বিহীন ভাৰতীয় যুটিটোক পৰাস্ত কৰিবলৈ কৰ্টত ৭১ মিনিট সময় যুঁজ দিব লগা হয়৷
দেশৰ অনুৰাগীৰ সমৰ্থনে আত্মবিশ্বাসী কৰা গায়ত্ৰী-তৃষাৰ আৰম্ভনি আছিল আন এক আঘটনৰ ৰূপকথা৷ প্ৰথমটো ছেট ২১-১৮ ৰ ব্যৱধানত দখল কৰি মেচত অগ্ৰগতি লৈছিল গায়ত্ৰী-তৃষাই৷ ভাৰতীয় যুটিৰ অপ্ৰত্যাশিত প্ৰদৰ্শনে স্বাভাৱিকতে চাপত পেলায় চীনৰ দুই শ্বাটলাৰক৷
কিন্তু অভিজ্ঞতাৰে পৰিস্থিতি নিয়ন্ত্ৰন কৰি শক্তিশালী প্ৰত্যাৱৰ্তন কৰে লিউ শ্বেং ছু আৰু টান নিঙে৷ দ্বিতীয় ছেটতো ২১-১৩ ৰ ব্যৱধানত লাভ কৰাৰ পাছত নিৰ্ণায়ক তৃতীয় ছেট হেলাৰঙে ২১-৮ ৰ ব্যৱধানত লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে৷
উল্লেখ্য যে ১৭ বছৰ পাছত ভাৰতত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত দেশৰ শ্বাটলাৰৰ পৰা ক্ৰীড়াপ্ৰেমীয়ে অধিক আশা কৰিছিল যদিও গায়ত্ৰী-তৃষাৰ মহিলা ডাবলচৰ ব্ৰঞ্জৰ পদকটো লাভ কৰিয়ে প্ৰতিযোগিতাত অভিযান সমাপ্ত কৰিলে আয়োজক দেশখনে৷
শনিবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত গায়ত্ৰী-তৃষাৰ ছেমিফাইনেল উপভোগ কৰিবলৈ প্ৰায় আঠ হেজাৰ ক্ৰীড়াপ্ৰেমী উপস্থিত হৈছিল৷ দেওবাৰে প্ৰতিযোগিতাৰ ফাইনেল কিন্তু এজনো ভাৰতীয় শ্বাটলাৰ বিশ্ব চেম্পিয়ন নিৰ্ণয়ৰ ক্ৰীড়া মঞ্চত প্ৰতিদ্বন্দ্বী হিচাপে নাথাকিব৷


0 Comments