গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ১৮ ৰ পৰা ২৩ আগষ্টলৈ উৰিষ্যাৰ ভূৱনেশ্বৰত অনুষ্ঠিত হয় "৫২ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় একোৱাটিক চেম্পিয়নশ্বিপ"।
এই প্ৰতিযোগিতাত অসমৰ তিনি সাঁতোৰবিদে লাভ কৰিলে মুঠ ৯ টা পদক।ইয়াৰে ৪ টা সোণ,৩ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক।
অসম সন্তান তীৰ্থাংক পেগুৱে ল'ৰাৰ গ্ৰুপ-১(এ) শাখাত প্ৰতিনিধিত্ব কৰি লাভ কৰে ৩ টা সোণ,১ টা ৰূপসহ মুঠ ৪ টা পদক।
তীৰ্থাংকই ৪০০ মিটাৰ ব্যক্তিগত মেডলিত ০৪:৩৪.৯৪ ছেকেণ্ড সময়েৰে লাভ কৰে সোণৰ পদক।সেইদৰে ২০০ মিটাৰ বাটাৰফ্লাইত ০২:০১.১৯ ছেকেণ্ড সময়েৰে তীৰ্থাংকই লাভ কৰে দ্বিতীয়টো সোণ।আনহাতে ,১০০ মিটাৰ বাটাৰফ্লাইত ৫৪.৬২ ছেকেণ্ড সময়েৰে তৃতীয়টো সোণ আজুৰি আনিলে তীৰ্থাংকই।প্ৰতিযোগিতাৰ প্ৰথমদিনটোতে ৫০ মিটাৰ বাটাৰফ্লাইত ৰূপ জিনিলে তীৰ্থাংক পেগুৱে।ল'ৰাৰ গ্ৰুপ-১(এ) শাখাত ৪ টাকৈ পদক দখল কৰা তীৰ্থাংকই নিজা শাখাত লাভ কৰে "শ্ৰেষ্ঠ সাঁতোৰবিদ"ৰ সন্মান।
ইফালে,ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ছোৱালীৰ গ্ৰুপ-১(এ) ত প্ৰতিনিধিত্ব কৰি অসমকন্যা শুভাংশিনী প্ৰিয়দৰ্শনী-এ ২ টা ৰূপ,১ টা ব্ৰঞ্জসহ অৰ্জন কৰে মুঠ ৩ টা পদক।১৫০০ মিটাৰ ফ্ৰিষ্টাইলত ১৮:০৯.৬৭ ছেকেণ্ড সময়েৰে শুভাংশিনী-এ লাভ কৰে প্ৰথমটো ৰূপৰ পদক।প্ৰতিযোগিতাৰ ষষ্ঠদিনা ৪০০ মিটাৰ ফ্ৰি ষ্টাইলত ০৪:৩৯.৯০ ছেকেণ্ড সময়েৰে দ্বিতীয়টো ৰূপ অৰ্জন কৰে শুভাংশিনী প্ৰিয়দৰ্শনী-এ।আনহাতে ,৮০০ মিটাৰ ফ্ৰি ষ্টাইলত ০৯:৪৭.৬০ ছেকেণ্ড সময়েৰে ব্ৰঞ্জজয় কৰে শুভাংশিনী-এ।
তদুপৰি ,প্ৰতিযোগিতাৰ প্ৰথমদিনটোতে ছোৱালীৰ গ্ৰুপ-১(এ) শাখাত খেলি সোণ আজুৰি আনিলে জাহ্নৱী চাংমাই-এ।
৫০ মিটাৰ বাটাৰ ফ্লাইত ২৮.৪২ ছেকেণ্ড সময়েৰে জাহ্নৱী-এ লাভ কৰে এই সাফল্য।আনহাতে,৫০ মিটাৰ ফ্ৰি ষ্টাইলত ২৭.৭৪ ছেকেণ্ড সময়েৰে ব্ৰঞ্জ দখল কৰিলে জাহ্নৱী-এ ।
পদকজয়ী তিনি অসমৰ সাঁতোৰবিদক শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে।ক্ৰীড়া অনুৰাগীৰ আশা-ৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গনত অসমৰ সাঁতোৰবিদৰ এই বিজয়যাত্রা হওঁক অপ্ৰতিৰোধ্য।


0 Comments