“এছিয়ান জুনিয়ৰ দবা চেম্পিয়নশ্বিপ”ৰ বিজয়ী মায়াঙ্ক চক্ৰৱৰ্তী আৰু প্ৰতীতি বৰদলৈ, সদৌ অসম দবা সন্থাৰ শুভেচ্ছা

August 25, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গ্ৰেণ্ডমাষ্টাৰ মায়াঙ্ক চক্ৰৱৰ্তী আৰু মহিলা ফিডে মাষ্টাৰ প্ৰতীতি বৰদলৈয়ে মংগলবাৰে মুম্বাইত অনুষ্ঠিত "এছিয়ান জুনিয়ৰ দবা প্ৰতিযোগিতা"ত ক্ৰমে ল’ৰা আৰু ছোৱালীৰ শাখাত চেম্পিয়ন হৈ ইতিহাস সৃষ্টি কৰে।

অসমৰ গ্ৰেণ্ডমাষ্টাৰ মায়াঙ্ক চক্ৰৱৰ্তীয়ে ১৯ আগষ্টৰ পৰা ২৫ আগষ্টলৈ মুম্বাইত অনুষ্ঠিত "এছিয়ান জুনিয়ৰ দবা চেম্পিয়নশ্বিপ"ত ৯ ৰাউণ্ডৰ পৰা ৭.৫ পইণ্ট সংগ্ৰহ কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। নৱম তথা অন্তিম ৰাউণ্ডত মায়ংকে ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ আৰটেম পিনজিনৰ সৈতে ড্ৰ' কৰে। আৰ্টেম পিনজিনে ৯ ৰাউণ্ডৰ পৰা ৭ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে।

আনহাতে, ছোৱালীৰ শাখাত অসমৰ মহিলা ফিডে মাষ্টাৰ প্ৰতীতি বৰদলৈয়ে ৯ ৰাউণ্ডৰ পৰা ৭.৫ পইণ্ট সংগ্ৰহ কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। অন্তিম ৰাউণ্ডত তেওঁ ভাৰতৰ শ্ৰাব্যশ্ৰী ভিমাৰাচেট্টীৰ সৈতে ড্ৰ' কৰে। কাজাখস্তানৰ মহিলা ফিডে মাষ্টাৰ মাৰিয়া খোলাভকই ৭ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে।

প্ৰতীতি-এ ৰেপিড শাখাতো দ্বিতীয় স্থান লাভ কৰে। ৰেপিড শাখাত তেওঁ ৭ ৰাউণ্ডৰ পৰা ৬ পইণ্ট সংগ্ৰহ কৰে।তুৰ্কমেনিস্তানৰ লালা শ্বভ্ৰাডোভাইও ৬ পইণ্ট লাভ কৰে যদিও টাই-ব্ৰেকত শ্বোভ্ৰাডোভা প্ৰথম আৰু প্ৰতীতি-এ দ্বিতীয় স্থান লাভ কৰে।

এই প্ৰতিযোগিতাখন সৰ্বভাৰতীয় দবা ফেডাৰেছনৰ হৈ মহাৰাষ্ট্ৰ দবা সন্থাই "এছিয়ান দবা ফেডাৰেছন " আৰু "ফিডে"ৰ তত্বাৱধানত আয়োজন কৰিছিল।

সদৌ অসম দবা সন্থাৰ সভাপতি মুকুট ডেকা আৰু সাধাৰণ সম্পাদক ৰাজীৱ ধৰে মায়াংক- প্ৰতীতিৰ এই চমকপ্ৰদ সাফল্যৰ বাবে দুয়োগৰাকী খেলুৱৈক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *