বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনৰ সামৰণিত উজলিল অসমৰ সংস্কৃতি

August 25, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত "৩০ সংখ্যক বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬" ৰ সামৰণি অনুষ্ঠানত উজলিল অসমৰ গৌৰৱময় সংস্কৃতি৷ বিশ্বৰ প্ৰায় ৫৫ খন দেশৰ আঠশৰো অধিক খেলুৱৈ-বিষয়াই অংশ লোৱা প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যই বিশেষ স্থান লাভ কৰে৷

প্ৰতিযোগিতাৰ অন্তিমদিনা হোৱা একক, ডাবলচ আৰু মিক্সডৰ ফাইনেলৰ পিছতেই অনুষ্ঠিত সামৰণি অনুষ্ঠানত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰৰ এক সুন্দৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ এই অনুষ্ঠানতে অসমৰ বিহু নৃত্য, সত্ৰীয়া নৃত্য আৰু ভোৰতাল নৃত্য প্ৰদৰ্শনে আন্তঃৰাষ্ট্ৰীয় দৰ্শকক মোহাচ্ছন্ন কৰে৷

উল্লেখ্য যে ১৭ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ সফল আয়োজনক সমগ্ৰ বিশ্বই উচ্চ প্ৰশংসা কৰিছে৷ বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ফেডাৰেছনৰ সকলো বিষয়ববীয়াই দিনে-নিশাই কষ্ট কৰি সুৰঙা নথকা ব্যৱস্থাৰে এই চেম্পিয়নশ্বিপৰ সফল আয়োজন কৰিবলৈ সক্ষম হৈছে৷

ইফালে, প্ৰতিযোগিতাত নতুন প্ৰজন্মৰ দুই শ্বাটলাৰ গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলী যুটিয়ে মহিলাৰ ডাবলচত পদক লাভ কৰি ২০১১ চনৰ পৰা ভাৰতে প্ৰতিটো বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনৰ সংস্কৰণতে পদক জয়ৰ ধাৰাবহিকতাও অক্ষুন্ন ৰাখে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *