গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অসমৰ এগৰাকী জেষ্ঠ ক্ৰীড়া সংগঠক আৰু ড্ৰেগন বʼট ক্ৰীড়াৰ আন্তঃৰাষ্ট্ৰীয় কাৰিকৰী বিষয়া (IRO) তাহেৰ আহমেদক ইন্টাৰনেছনেল ড্ৰেগন বʼট ফেডাৰেচনে (IDBF) অহা ১ ছেপ্তেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ চাইনিজ টাইপেইৰ হুৱালিয়েনত অনুষ্ঠিত হ'বলগীয়া "১৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ক্লাব ক্ৰিউ ড্ৰেগন বʼট চেম্পিয়নশ্বিপ"ৰ কাৰিকৰী বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে। উক্ত চেম্পিয়নশ্বিপত ২১ খন দেশৰ প্ৰায় ৫৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।
সদৌ অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন বʼট সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ভাৰতীয় ড্ৰেগন বʼট আৰু ট্ৰেডিচনেল স্পʼৰ্টচ ফেডাৰেচনৰো জেষ্ঠ উপ-সভাপতি আহমেদে দায়িত্ব পালনৰ বাবে অহা ২৯ আগষ্টত অসমৰ পৰা চাইনিজ টাইপেই অভিমুখে ৰাওনা হʼব । প্ৰেছ বিজ্ঞপ্তি যোগে এই বাতৰি যোগে প্ৰেৰণ কৰিছে সন্থাৰ সাধাৰণ সম্পাদক অনুপ কুমাৰ চৌধুৰী-এ ।


0 Comments