গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলস্থিত সন্থাৰ কমপ্লেক্সত চলি থকা আই টি এফ ৱ’ল্ড টেনিছ মাষ্টাৰ্ছ এম টি ২০০ প্ৰতিযোগিতাখনৰ তিনিটা বয়স শাখা ক্ৰমে ৪৫, ৫৫ আৰু ৬৫ বছৰ উধ্বৰ্ৰ সকলো ছেমিফাইনেল মেচ বুধবাৰে সমাপ্ত হৈছে৷ আনহাতে, ৩৫ বছৰ উধ্বৰ্ৰ চাৰি ছেমিফাইনেলিষ্ট খেলুৱৈও নিশ্চিত হৈছে৷ তদুপৰি, প্ৰতিযোগিতাৰ ডাবলচ শাখাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলো বুধবাৰে সমাপ্ত হ’ব৷ বৃহস্পতিবাৰে ছেমিফাইনেল হোৱাৰ লগতে অহা ২৮ আগষ্টত অন্তিম দিনা সকলো শাখাৰে ফাইনেল অনুষ্ঠিত হ’ব৷
বুধবাৰে হোৱা ৪৫ বছৰ উধ্বৰ্ৰ প্ৰথমখন ছেমিফাইনেলত ছৰণদ্বীপ সিং ধোডীয়ে ৬-১, ৬-৩ ৰ ব্যৱধানত কৃষ্ণ কুমাৰ দেববাৰ্মাক পৰাস্ত কৰাৰ বিপৰীতে আন এখন ছেমিফাইনেলত ৰোহিত লালাই দ্বিতীয় বাচনিৰ নিতেশ ৰুংটাক ৪-৬, ৬-৩, ১০-৬ ত পৰাস্ত কৰে৷
ইফালে, ৫৫ বছৰ উধ্বৰ্ৰ ছেমিফাইনেলৰ প্ৰথমখন খেলত হাকিম আলীক ১-৬, ২-৬ ৰ ব্যৱধানত পৰাস্ত কৰি কৃষণ ভাটিয়াই ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে দ্বিতীয়খন ছেমিফাইনেলত ৰোশন কান্ত ঘিছিঙে দ্বিতীয় বাচনিৰ তুলেশ্বৰ সিং থংবামক ৬-৩, ২-৬, ১০-৬ ত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছে৷
আনহাতে, ৬৫ বছৰ উধ্বৰ্ৰ প্ৰথমখন ছেমিফাইনেলত দিলীপ সিং নংমাইথেমে ভাৰত ফুকনক ৬-১, ৪-১ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে লেইচেমছানা মীতেই চিংগনবামে মৃদুল মৃদুলাল বৰকাকতিক ৬-২, ৬-০ ত পৰাস্ত কৰে৷
ইফালে, ৩৫ বছৰ উধ্বৰ্ৰ কোৱাৰ্টাৰ ফাইনেলত ভূটানৰ পমা ন’ৰ্বুৱে অভিজিত ঘ’ৰুইক, আসীম জ্যোতি দত্তই সম্বীত প্ৰধানক, ইন্দ্ৰকুমাৰ খাংগেম্বম সিঙে সম্ৰাট মহন্তক আৰু এন প্ৰেমজিৎ সিঙে সুভাশিষ দেববাৰ্মাক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷
ইফালে, আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ [আই টি এফ] স্বীকৃত বিশ্ব ৰেংকিঙৰ ছিনিয়ৰ প্ৰতিযোগিতাখনত মহিলাৰ ৩৫ বছৰ উধ্বৰ্ত ছেইলী ত্ৰিৱেদী তথা ৪৫ বছৰ উধ্বৰ্ত নাজনীন ৰহমানে এককত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ৩৫ বছৰ উধ্বৰ্ৰ ডাবলচ শাখাত ৰাণী কৌড় আৰু নাজনিনে পৰবৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে৷
ইফালে, পুৰুষৰ ডাবলচৰ ৩৫ বছৰ উধ্বৰ্ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰীতম দাস শৰ্মা আৰু পেমা নৰ্বু যুটি, পাৰ্থ প্ৰতিম গগৈ আৰু অলকেশ শইকীয়া যুটি তথা আসীম জ্যোতি দত্ত আৰু পাৰ্থ প্ৰতিম দত্ত যুটিয়ে জয়লাভ কৰাৰ বিপৰীতে ৬৫ বছৰৰ ডাবলচত শিবু মেথিউ আৰু ভাৰত ফুকন যুটিয়ে জয় অৰ্জন কৰিছে৷


0 Comments