গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
বুধবাৰে দিছপুৰৰ চুপাৰ মাৰ্কেটস্থিত প্ৰতীমা বৰুৱা পাণ্ডে কৃষ্টি কলা সংঘ ক্ষেত্রত অনুষ্ঠিত হয় অসম বেছবল চফ্টবল সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। এই সভাত সৰ্ব সন্মতি ক্ৰমে গ্ৰহণ কৰা হয় কেইবাটাও সিদ্ধান্ত।সেই অনুসৰি ,অহা ২৬ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব অসম বেছবল চফ্টবল সন্থাৰ "বাৰ্ষিক সাধাৰণ সভা"। অহাবছৰ ফ্ৰেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় প্ৰতিযোগিতা "ফেডাৰেছন কাপ"।
উল্লেখ্য যে, ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকিল সন্থাৰ সভাপতি দীপ্তি দয়াল খাউণ্ড(অৱসৰপ্ৰাপ্ত সঞ্চালক,অইল ইণ্ডিয়া),জ্যেষ্ঠ উপ- সভাপতি ডঃ অম্লান দাস(ডীন কটন বিশ্ববিদ্যালয়),সাধাৰণ সম্পাদক কিষাণ চৌধুৰী,যুটীয়া সম্পাদক শান্তনু বৰগোঁহাই,সহঃ সম্পাদক জোন দত্ত ,অৰূপ দাস,আশিষ প্ৰসাদৰ লগতে ৰাজ্যিক আন সদস্যসকল ।


0 Comments