গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
সমাগত "৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস"।সাজু অভিৰুচি গোষ্ঠী। ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা ৩০ গৰাকী খেলুৱৈক জনোৱা হ'ব সম্বৰ্ধনা।
খেলুৱৈ, প্ৰশিক্ষক ,ক্ৰীড়া সংগঠক ,শাৰীৰিক নিদেৰ্শকলৈ ৮ টাকৈ বঁটা। সামূহিক দৌৰৰ নেতৃত্ব ল'ব অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা যতিন বৰাই।
উত্তৰ-পূবৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো "অভিৰুচি ক্ৰীড়া দিৱস" হিচাপে ৰাজ্যত কেইবা দশক জুৰি পালন কৰি আহিছে।এইবাৰ "৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস" আয়োজনৰ বাবে সাজু হৈছে অভিৰুচি গোষ্ঠী।মংগলবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত সংবাদমেলত "৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস"ৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে অভিৰুচিৰ প্ৰতিস্থাপক তথা কেন্দ্ৰীয় উদযাপন সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী-এ। এইবাৰ ৰাজ্যৰ প্ৰায় ৯০ টা স্থানত এই দিৱস অনুষ্ঠিত হোৱাৰ বিপৰীতে গুৱাহাটীত অনুষ্ঠিত হ'বলগা "কেন্দ্ৰীয় কাৰ্যসূচী"ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছ।
৩ ছেপ্তেম্বৰ বৃহস্পতিবাৰে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত পুৱা ৬.১৫ বজাত সামূহিক দৌৰেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব।এই সামূহিক দৌৰৰ নেতৃত্ব ল'ব অসমৰ বোলছবি জগতৰ জনপ্ৰিয় জনপ্ৰিয় অভিনেতা যতিন বৰাই।তদুপৰি,সামূহিক দৌৰত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ খেলুৱৈ তৈবুন নিছা আদি ।
ইফালে ৪ ছেপ্তেম্বৰৰ পুৱা ৯.৩০ বজাত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ"ব "আন্তঃশিক্ষানুষ্ঠান পি.টি.আৰু দলীয় নৃত্য প্ৰতিযোগিতা"।সেইদিনাই একেস্থানতে সন্ধিয়া ৫ বজাৰ পৰা বিগত বৰ্ষত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰায় ৩০ গৰাকী খেলুৱৈক জনোৱা হ'ব সম্বৰ্ধনা ।
ইফালে,সম্বৰ্ধিত হ'বলগীয়া খেলুৱৈ সকল হ'ল ক্ৰমে-
এথলেটিকছত জুবিন গোঁহাই; বক্সিঙত লাভলীনা বৰগোঁহাই,অংকুশিতা বড়ো ;বেডমিন্টনত অস্মিতা চলিহা,ঈশাৰাণী বৰুৱা ;ভাৰোত্তোলনত ধৰ্মজ্যোতি দেওঘৰীয়া, পৰিস্মিতা গগৈ,অভিনৱ গগৈ,লুণা সোণোৱাল,হৰি প্ৰসাদ কছাৰী,আইচেংফা গগৈ,বেদব্ৰত ভঁৰালী ; ফুটবলত পাৰ্থিৱ সুন্দৰ গগৈ; ক্ৰিকেটত ৰিয়ান পৰাগ,উমা চেত্রী; টেবুল টেনিছত প্ৰিয়ানুজ ভট্টাচাৰ্য,ঈশানী গগৈ ;সাঁতোৰত তীৰ্থাংক পেগু,ৰূপম গগৈ ;
উশ্বুত আৰ্হি গোস্বামী,অমিত দাস; টাইকোৱানডোত ৰ'দালি বৰুৱা,দেৱাশিষ দাস ; লনবলত অৰ্জুন নয়নমণি শইকীয়া,বনগীতা হাজৰিকা ,পুতুল সোণোৱাল, উৎপল বসুমতাৰী ;কাৰাটেত হেংম্ফু বংজাং; দবাত মায়ংক চক্ৰৱৰ্তী ; পেৰা স্পৰ্টছত লিছা দাস,আবাবিল আলি।
তদুপৰি এই অনুষ্ঠানতে "অভিৰুচি গোষ্ঠী"ৰ তৰফৰ পৰা কেইবাগৰাকীও খেলুৱৈ, প্ৰশিক্ষক,ক্ৰীড়া সংগঠকক প্ৰদান কৰা হ'ব মুঠ ৮ টা বঁটা।
প্ৰাক্তন ক্ৰিকেটাৰ তথা বিশিষ্ট ক্ৰীড়া সংগঠক ডিব্ৰুগড়ৰ কামাখ্যা শইকীয়ালৈ "আৰ জি বৰুৱা ক্ৰীড়া সংগঠক বঁটা", চামতাৰ যতিন্দ্ৰনাথ শৰ্মালৈ "যোগেশ শৰ্মা ক্ৰীড়া উদ্যোগী বঁটা", বক্সিং প্ৰশিক্ষক পদুম চন্দ্ৰ বড়োলৈ "চিদানন্দ দাস প্ৰশিক্ষক বঁটা" ,বৰভাগৰ ৰবিন্দ্ৰ চন্দ্ৰ শৰ্মালৈ "চন্দ্ৰনাথ চক্ৰৱৰ্তী শাৰীৰিক শিক্ষা উৎকৰ্ষ বঁটা",যোগ খেলুৱৈ আদৃত কাশ্যপলৈ "গোপাল বৰুৱা প্ৰমিজিং প্লেয়াৰ বঁটা" আৰু এভাৰেষ্টজয়ী ৰূপামণি গড়লৈ "অসাধাৰণ প্ৰদৰ্শন বঁটা" আগবঢ়োৱা হ'ব।
এইবাৰৰ পৰা দুটা বঁটা নতুনকৈ সংযোজন কৰা হৈছে ।ইয়াৰে এই বৰ্ষত "আৰ পি বৰুৱা প্ৰমিজিং ক্ৰিকেটাৰ বঁটা" উদিত ক্ৰিকেটাৰ গুৱাহাটীৰ অমন য়াদৱলৈ আগবঢ়োৱা হ'ব ।আনহাতে "সুকুমাৰ মেধি সোঁৱৰণী ক্ৰীড়া সংগঠক বঁটা" প্ৰদান কৰা হ'ব গোলাঘাটৰ ৰূপক কুমাৰ দত্তক।ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওঁক "৪৩ সংখ্যক অভিৰুচি "ক্ৰীড়া দিৱস"।কিংবদন্তি খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক নৱ প্ৰজন্ম।


0 Comments